NORTHEAST NOW (Assamese)
অসম

উত্তৰ প্ৰদেশত যুৱতীৰ ওপৰত এচিড আক্ৰমণ: প্ৰেমিকসহ দুজন গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 3, 2025 7:02 pm

উত্তৰ প্ৰদেশৰ মাউ জিলাত বৃহস্পতিবাৰে এগৰাকী যুৱতীৰ ওপৰত এচিড আক্ৰমণৰ এক শোকাৱহ ঘটনা সংঘটিত হৈছে। আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্তৰ নাম জনম সিং পেটেল, অভিযুক্ত   যুৱতীগৰাকীৰ প্ৰাক্তন প্ৰেমিক আছিল বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীৰ বিয়া আন ঠাইত ঠিক হোৱাৰ কথা  মানি লব পৰা নাছিল প্ৰাক্তন প্ৰেমিকে।  যুৱতীগৰাকী পৰিয়ালৰ এজন সদস্যৰ সৈতে ঘৰৰ ওচৰৰ এটিএমৰ পৰা ধন উলিয়াই ঘৰলৈ উভতি আহোঁতে এই আক্ৰমণৰ সন্মুখীন হয়।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে  জনমে বাইক ৰখাই যুৱতীগৰাকীৰ সৈতে কাজিয়া আৰম্ভ কৰে। কাজিয়াৰ মাজতে যুৱতীগৰাকীৰ ওপৰত এচিড নিক্ষেপ কৰে। এচিড আক্ৰমণত যুৱতীাকীৰ মুখ আৰু শৰীৰৰ একাধিক অংশ জ্বলি ছাই হৈ যায়। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, যুৱতীাকীৰ শৰীৰৰ ৬০ শতাংশ জ্বলি গৈছে। ইতিমধ্যে জনম আৰু তেওঁৰ সংগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

এই ঘটনাই স্থানীয় লোকৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে জানিবলৈ দিছে যে অভিযুক্ত জনমৰ সৈতে যুৱতীৰ প্ৰেমৰ সম্পৰ্ক আছিল, কিন্তু বিয়াৰ সিদ্ধান্তৰ পিছত তেওঁ ঈৰ্ষাৰ বশৱৰ্তী হৈ এই জঘন্য কাণ্ড সংঘটিত কৰিছে। ঘটনাৰ তদন্ত চলি থকাৰ লগতে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে। যুৱতীগৰাকী বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে, আৰু তেওঁৰ পৰিয়ালে দোষীৰ কঠোৰ শাস্তিৰ দাবী জনাইছে।