NORTHEAST NOW (Assamese)

কোকৰাঝাৰ উপায়ুক্ত কাৰ্যালয়ৰ আলোচনাকক্ষত নাগৰিক সজাগতা সভা

January 23, 2019 5:59 pm · ৰিনয় বসুমতাৰী

কোকৰাঝাৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ আলোচনাকক্ষত ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ বাবে প্ৰাক বাজেট সজাগতা অভিযানৰ অংশ হিচাপে এটা নাগৰিক সজাগতা শিবিৰৰ আয়োজন কৰা হৈছে।

এই শিবিৰৰ আয়োজন কৰিছে কোকৰাঝাৰ জিলা প্ৰশাসনে। এই সভাত অধ্যক্ষতা কৰে কোকৰাঝাৰৰ জিলা উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰে আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী, ব্যৱসায়ী, কৃষক, শিক্ষক, জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰে।

উপায়ুক্তগৰাকীয়ে নিজৰ ভাষণত কয় যে প্ৰথম বাৰৰ বাবে ৰাজ্য চৰকাৰে ৰাইজৰ বাবে এই শিবিৰৰ আয়োজন কৰে অহা ৬ ফেব্ৰুৱাৰিত আৰম্ভ হ’বলগীয়া বাজেট অধিৱেশনৰ পূৰ্বে ৰাইজৰ পৰা পৰামৰ্শ বিচাৰে।

উপায়ুক্তগৰাকীয়ে আৰু কয়, ‘‘জিলা প্ৰশাসনে এখন প্ৰপত্ৰ বিতৰণ কৰে য’ত নাগৰিকসকলে বাজেটত অন্তৰ্ভুক্ত কৰিবলগীয়া পৰামৰ্শাৱলী এই প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব পাৰিব।’’

Related News