NORTHEAST NOW (Assamese)
অসম

ভয়ংকৰ ঘটনা! দৰঙৰ বিদ্যালয়ত চাৰি দশম শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত নিহত এক নৱম শ্ৰেণীৰ ছাত্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 23, 2024 1:20 pm
ভয়ংকৰ ঘটনা! দৰঙৰ বিদ্যালয়ত চাৰি দশম শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত নিহত এক নৱম শ্ৰেণীৰ ছাত্ৰ

দৰঙৰ মহোলীয়াপৰাৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

পাঁচজন ছাত্ৰৰ মাজত হোৱা এক মাৰপিটৰ ঘটনাৰ ফলত এজন ছাত্ৰৰ মৃত্যু ঘটে।

দৰঙৰ মহোলীয়াপৰা পদুম পুখুৰী হাইস্কুলত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।

ঘটনাৰ বলি বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকা।

বিদ্যালয়খনৰে দশম শ্ৰেণীৰ চাৰিজন ছাত্র লগ হৈ ভবেশ ডেকাক নিৰ্মমভাৱে আক্ৰমণ কৰিছিল।

ছাত্ৰকেইজনে ভবেশ ডেকাক উপৰ্যুপৰি মুখত ঘুচিয়াই হত্যা কৰে।

জানিব পৰা মতে, জ্যেষ্ঠ ছাত্ৰকেইজনৰ আক্ৰমণত শ্ৰেণীকোঠাতে মৃত্যুমুখত পৰে ভৱেশ ডেকা।

দেওবাৰৰে পৰাই এই কাজিয়াৰ সূত্ৰপাত হৈছিল বুলি জানিব পৰা গৈছে যদিও কিহক লৈ এই কাজিয়াৰ সূত্ৰপাত সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

বৰ্তমান ভবেশ ডেকাৰ মৃতদেহ মঙলদৈ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।