NORTHEAST NOW (Assamese)
Popular Stories

Trouble for Vicky Kaushal বিপদত ভিকি কৌশল! অভিনেতাগৰাকীৰ বিৰুদ্ধে থানাত দাখিল কৰা হৈছে অভিযোগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 2, 2022 12:43 pm
Vick Kaushal

Trouble for Vicky Kaushal কিছুদিন পূৰ্বে বলীউদৰ তাৰকা অভিনেত্ৰী কেটৰিনা কাইফৰ সৈতে বিবাহ সম্পন্ন হোৱা তাৰকা অভিনেতা ভিকি কৌশল বিপদত পৰিছে। ইন্দোৰৰ বাসিন্দা জয় সিং যাদব নামৰ ব্যক্তিগৰাকীয়ে ভিকিৰ বিৰুদ্ধে থানাত দাখিল কৰিছে এজাহাৰ।

জয় সিং যাদৱৰ অভিযোগ যে তেওঁক নজনাকৈয়ে ভিকিৰ ছবিত তেওঁৰ বাইকৰ নম্বৰ প্লেট ব্যৱহাৰ কৰা হৈছে।

কেইদিনমান পূৰ্বে এখন ছবিৰ শ্বুটিঙত ছাৰা আলী খানৰ সৈতে বাইকত উঠি ভিকিয়ে ঘুৰি ফুৰা ফটো ছচিয়েল মিডিয়াত প্ৰকাশ পাইছিল। তাৰ পাছতে বিষয়টো ব্যক্তিগৰাকীৰ দৃষ্টিত পৰে।

Also Read: নৱবৰ্ষৰ প্ৰথম দিনটোতে বিবাহপাশত আৱদ্ধ হ’ল ‘দেৱো কা দেৱ-মহাদেৱ’ খ্যাত অভিনেতা মোহিত

বাতৰি অনুসৰি, জয় সিঙে জানিবলৈ দিছে যে ভিকিৰ বাইকত যিটো নম্বৰ ব্যৱহাৰ কৰা হৈছে সেইটো আচলতে তেওঁৰ বাইকৰ নম্বৰহে। ছবিখনৰ পৰিচালকে জানেনে নে নাই সেইকথা জয় সিঙে নাজানে যদিও তেওঁৰ অনুমতি অবিহনে এইদৰে তেওঁৰ বাইকৰ নম্বৰ ব্যৱহাৰ কৰিব নোৱাৰে।

ইয়াকে লৈ জয় সিঙে থানাত অভিযোগ দাখিল কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছে।

Also Read: জেকুলিনৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক; দাবী প্ৰতাৰণাৰ গোচৰত অভিযুক্ত সুকেশৰ

ইপিন, ইন্দোৰৰ বনগংগা থানাৰ উপ আৰক্ষী পৰিদৰ্শকগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁলোকে বিষয়টো চালিজাৰি চাই আছে আৰু ইয়াৰ তদন্ত চলাব। প্ৰয়োজনত ইন্দোৰত থকা শ্বুটিং ইউনিটকো সোধপোছ কৰা হ’ব।