NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বিনা চিকিৎসাই ছটফটাই মৃত্যু হ’ল ক’ভিড ৰোগীৰ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ August 8, 2021 4:03 pm
Sibsagar civil hospital situation

শনিবাবে হাঁহচৰাৰ লেবাং গাঁৱৰ দিলীপ গগৈ নামৰ ব্যক্তিজন ক’ভিড টেষ্ট কৰিবলৈ আহিছিল শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ।

তেওঁৰ দেহত কভিড পজিটিভ ধৰা পৰাত দিনৰ প্ৰায় ১১.৩০ মান বজাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ক’ভিড কক্ষত ভৰ্তি কৰায়।

পেটৰ বিষত ছটফটাই থকা দিলীপ গগৈৰ পত্নীয়ে বাৰম্বাৰ কৰ্তব্যত থকা নাৰ্চক অনুৰোধ কৰিছিল স্বামীক চিকিৎসকে এবাৰ চাবলৈ। কিন্তু নাৰ্চে কেৱল মাত্ৰ কেইটামান টেবলেট দি তাৰ পৰা আঁতৰি যায়।

পেটৰ বিষত ছটফটাই থকা দিলীপ গগৈৰ বিয়লি ৪.৩০ মান বজাত মৃত্যু হয়।

প্ৰশ্ন হয়,  কিছুদিন পূৰ্বে শিৱসাগৰ অসামৰিৰ চিকিৎসালয়ৰ নতুন ৰূপ দেখি সন্তুষ্টি লাভ কৰিছিল বিধায়ক অখিল গগৈয়ে। কিন্তু সেই একেখন চিকিৎসালয়ত চিকিৎসাৰ অভাৱত এদিনতে মৃত্যু হয় কভিড ৰোগীৰ।

ইপিনে তাত ভৰ্তি হৈ থকা ক’ভিড ৰোগীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে ভয়ংকৰ তথ্য। কেইবাদিনো কৰা নহয় ক’ভিড ৱাৰ্ড সমুহ চাফ চিকুন। যাৰ বাবে ৰোগী সকলে চফাই কৰ্মী সকলক পইচা দি কৰাব লাগে ৱাৰ্ড সমুহ চাফ চিকুন। বাহিৰৰ পৰা কিবা বস্তু আনিবলৈ দিলেও ক’ভিড ৱাৰ্ডত নিয়োজিত কৰ্মীক পইচা দিব লাগে বুলি মন্তব্য কৰে ক’ভিড ৰোগীয়ে।