NORTHEAST NOW (Assamese)
অসম

অতি ভয়ংকৰ! মুখ্যমন্ত্ৰীৰ মাজুলী ভ্ৰমণত তেওঁৰ পিছে পিছে ঘুৰি ফুৰিছিল কোভিড পজিটিভ ৰোগী!

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 18, 2021 9:36 pm
Hari Prasad Pegu 1

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাজুলী ভ্ৰমণ কৰি থকাৰ সময়তে সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা।

যোৱা ১২ মে’ৰ দিনা প্ৰশাসনে দিয়া নিষেধাজ্ঞা ভঙ্গ কৰি তাৰ পাছদিনা অৰ্থ্যাৎ ১৩ মে’ৰ দিনা তিনিখনকৈ সত্ৰত প্ৰৱেশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কিন্তু উক্ত দিনটোতে মুখ্যমন্ত্ৰীৰ পিছে পিছে এগৰাকী কোভিড পজিটিভ ৰোগী ঘুৰি ফুলিছিল। তাতকৈ কিবা ভয়ংকৰ কথা থাকিব পাৰে নে?

আনকি এক বিশেষ সূত্ৰ অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জেঙৰাইমুখত উপস্থিত হোৱাৰ পাছতে তেওঁক আৰু সাংসদ প্ৰদান বৰুৱাক গামোছা পিন্ধাইছিল কোভিড আক্ৰান্ত যুৱকজনে। খবৰ অনুসৰি উক্ত যুৱকজনে মুখ্যমন্ত্ৰীক ভৰি চুই সেৱাও কৰিছিল।

যুৱকজনৰ নাম হৰিপ্ৰসাদ পেগু বুলি জানিব পৰা গৈছে। যুৱকজনৰ ১২ মে’ৰ দিনা কোভিড পজিটিভ হিচাপে ধৰা পৰিছিল। তাৰ পাছত তেওঁ প্ৰতিশ্ৰুতি পত্ৰত চহী কৰি ঘৰত আছুতীয়া কক্ষত থাকিম বুলি উল্লেখ কৰিছিল।

কিন্তু তাৰ পাছদিনাই ঘৰৰ পৰা মনে মনে ওলাই আহি মুখ্যমন্ত্ৰীৰ অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিলে।

এতিয়া প্ৰশ্ন হৈছে এনে দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিয়াৰ পাছত যুৱকজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষী প্ৰশাসনে?

কথাটো অৱগত হৈ ভাৰতীয় দণ্ডবিধিৰ ১৮৮/২৬৯/২৭০/৩৩৬ ধাৰাত মাজুলীৰ জেঙৰাইমুখ থানাত ৩৬/২১ নম্বৰত এক গোচৰ ৰুজু কৰিছে মাজুলীৰ কাৰ্য্যবাহী দণ্ডাধীশ বিভাষ পাঠকে। সংবাদ মাধ্যমৰ আগত এই কথা জনায় পাঠকে।

ইপিনে যুৱকজন মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত আহিছিল বুলি গম পোৱা গৈছে বুলি তেওঁ উল্লেখ কৰে।

আনহাতে, প্ৰশ্ন হৈছে ‘কি সুৰুঙাৰে মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত প্ৰৱেশ কৰাৰ সুযোগ পালে হৰি প্ৰসাদে? মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থকা সকলোৰে কোভিড পৰীক্ষা কৰোৱা হোৱা নাছিল নেকি?

মুখ্যমন্ত্ৰীৰ পিছে পিছে ঘূৰি ফুৰা যুৱকজনে কিমান লোকৰ শৰীৰলৈ বিয়পালে কোভিড১৯ৰ ভাইৰাছ? মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ অহা লোকক কোভিড টেষ্ট কৰোৱা হৈছিল নে? কোভিড আক্ৰান্ত যুৱকজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ প্ৰদান বৰাক গোমাচা পিন্ধোৱা বুলি পোহৰলৈ অহাৰ পিছত মুখ্যমন্ত্ৰী আৰু সাংসদগৰাকীৰ কোভিড টেষ্ট কৰা হৈছে নে? এতিয়া এনে বহু প্ৰশ্নৰ উদয় হৈছে সচেতন মহলত।