NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়া দিহিং প্ৰশিক্ষণ কেন্দ্ৰত ‘প্ৰতিধ্বনি সাংস্কৃতিক মঞ্চ’ ৰ জন্ম

November 15, 2018 7:46 pm · মানস প্ৰতিম গগৈ
Updated: November 15, 2018 7:47 pm

বৃহত্তৰ মাৰ্ঘেৰিটাৰ সুপ্ত কলা সাংস্কৃতিৰ লগত জড়িত প্ৰতিভা সমূহক এখন মঞ্চ দিয়াৰ প্ৰয়াসেৰে প্ৰতিধ্বনি সাংস্কৃতিক মঞ্চ’ৰ জন্ম দিয়া হৈছে। পাটকাই পাদদেশত অৱস্থিত মাৰ্ঘেৰিটাৰ বাৰেবৰণীয়া জনগোষ্ঠীয় লোকসকলৰ মাজত থকা কলা-সংস্কৃতিৰ লগত জড়িত ব্যক্তি সকলক এখন মঞ্চ দিয়াৰ মানসেৰে মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়া দিহিং প্ৰশিক্ষণ কেন্দ্ৰত আজি সন্ধ্যা অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত ‘এই  অনুষ্ঠানটোৰ জন্ম দিয়া হয়।

মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ সনৎ কুমাৰ দত্তৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ আঁত ধৰে ক’ল ইণ্ডিয়াৰ কৰ্মচাৰী তথা ফুটবল খেলুৱৈ বিনয় বৰুৱাই। এই সভাতে ২০১৮-১৯ বৰ্ষৰ বাবে এখন সমিতি গঠন কৰা হয়। এই সমিতি খনত উপদেষ্টামণ্ডলী ক্ৰমে ডি বি সোণাৰ , ড° ৰঞ্জিত দত্ত , ডাঃ ভৃংগেশ্বৰ শৰ্মা , সভাপতি ডাঃ সনৎ কুমাৰ দত্ত,  উপসভাপতি ক্ৰমে ৰাজীৱ নিংখী, প্ৰবীন ৰাজখোৱা, তোলন চন্দ্ৰ গগৈ, সাধাৰণ সম্পাদক শিৱানী বৰুৱা, সহঃ সম্পাদক ক্ৰমে বিনয় বৰুৱা,  ৰাজকুমাৰ দহোতিয়া, কোষাধ্যক্ষ নবুল কিশোৰ বুঢ়াগোহাঁই, সাংস্কৃতিক সম্পাদক ডাঃ মনোজ কুমাৰ গগৈ, সহঃ সাংস্কৃতিক সম্পাদক ধ্ৰুৱজ্যোতি বৰুৱা , ডাঃ মানৱ ব্ৰত গগৈ, সাহিত্য সম্পাদক ড° ৰুনজুন  শইকীয়া, সহঃ সম্পাদক প্ৰাৰ্থ জ্যোতি বৰুৱা, সম্বনয়ক ডাঃ অভিজিৎ বৰা, প্ৰচাৰ সম্পাদক মানস প্ৰতিম গগৈ, কাৰ্য্যবাহী সদস্য ক্ৰমে পাপৰী গগৈ, শৰ্মীলা সোম, তুলিকা দহোতিয়া, নেলচন তাচা, নকুল শইকীয়া , ৰাজীৱ গগৈ , দেৱজিৎ চেতিয়া, উজ্জ্বল গোহাঁই , পাৰ্থ গগৈ , অতুল বৰুৱা সহ এখন শক্তিশালী সমিতিৰ গঠন কৰা হয়।

অনাগত দিনত মাৰ্ঘেৰিটাৰ কলা সংস্কৃতিৰ পথাৰ খনত প্ৰতিধ্বনি সাংস্কৃতিক মঞ্চই নতুন দৃষ্টিভংগীৰে আগবাঢ়িব বুলি নৱনিযুক্ত সাংস্কৃতিক সম্পাদক ডাঃ মনোজ কুমাৰ গগৈয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে। উল্লেখ্য যে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সপ্তম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি মাৰ্ঘেৰিটাৰ একাংশ সংস্কৃতিৱান লোকৰ নেতৃত্বত  প্ৰতিধ্বনি সাংস্কৃতিক মঞ্চৰ বেনাৰত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাৱত যোৱা ৫ নৱেম্বৰত সফলতাৰে অনুষ্ঠিত হৈ যায়। আৰু আজি “প্ৰতিধ্বনি সাংস্কৃতিক মঞ্চ”ক আনুষ্ঠানিক ভাৱে এখন সমিতি ৰূপত গঠন কৰা হয়।

Related News