NORTHEAST NOW (Assamese)

মিছা নদীত উদ্ধাৰ মহিলাৰ মৃতদেহ; আৰক্ষীৰ তদন্ত অব্যাহত

December 20, 2021 1:14 pm · ৰিদীপ শৰ্মা, কলিয়াবৰ
ফটো: নৰ্থইষ্ট নাও।

কলিয়াবৰৰ মিছাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মিছা নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মহিলাগৰাকীৰ মৃতদেহ।

মহিলা গৰাকী গোলাঘাট জিলাৰ বাদুলিপাৰাৰ বৃন্দা গোৱালা বুলি চিনাক্ত কৰা হৈছে।

দেওবাৰে মিছা ৰিজাৰ্ভৰ গণেশ গোৱালাৰ ঘৰলৈ ফুৰিবলৈ আহিছিল মহিলাগৰাকী।

মহিলা গৰাকী শৌচ কৰিবলৈ নদীৰ কাষলৈ গৈছিল বুলি প্ৰকাশ কৰিছে স্থানীয় লোকে।

Also Read: Breaking News মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী; অধ্যক্ষই সভাস্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰাত বিৰোধীৰ সদন ত্যাগ

মিছা আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

অৱশ্যে প্ৰাৰম্ভিক তদন্তত এয়া হত্যা আত্মহত্যাৰ ঘটনা জানিব পৰা হোৱা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ পাছতহে সেইয়া পোহৰলৈ আহিব বুলি আৰক্ষী তথা দণ্ডাধীশে জানিবলৈ দিছে।

Related News