NORTHEAST NOW (Assamese)

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি; টীয়কৰ জাঁজীমুখত উদ্ধাৰ হৰিণা পহু

September 5, 2022 3:02 pm · এন ই নাও নিউজ, গুৱাহাটী

টীয়কৰ জাঁজীমুখৰ হাতীশালত সোমবাৰে পুৱা নদীৰ বাঢ়নী পানীত উটি অহা এটা হৰিণা পহু স্থানীয় ৰাইজে উদ্ধাৰ কৰে।

জানিব পৰা মতে ব্ৰহ্মপুত্ৰৰ চাপৰি সমূহ কালিৰ পৰা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত বুৰ যোৱাত চাপৰিটোত থকা অন্যান্য বন্য জন্তুসমূহে ওখ স্থান বিচাৰি যায় যদিও পহুটো নদীখনৰ দক্ষিণ পাৰে এঘৰ লোকৰ বাৰীৰ জেওৰাত আৱদ্ধ হৈ পৰে।

স্থানীয় ৰাইজে পহুটো উদ্ধাৰ কৰি সযতনে ৰাখি ইতিমধ্যে বন বিভাগৰ লোকক খৱৰ দিছে।

শেহতীয়াকৈ হোৱা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত চাপৰিসমূহত বন্যপ্ৰাণীসমূহে আশ্ৰয় বিচাৰি বিভিন্ন স্থানলৈ বিচৰণ কৰিছে।

Related News