NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়ক : আজি অগপৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰিব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক

Posted by: এন ই নাও নিউজ September 29, 2018 8:50 am
nitish

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমৰ্থন বিচাৰি আজি বিহাৰৰ মুখ্যমন্ত্ৰী তথা জনতা  দল (ইউ)ৰ মুৰব্বী নীতিশ কুমাৰক অগপৰ এটা প্ৰতিনিধি দলে পাটনাত সাক্ষাৎ কৰিব।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে সদনৰ ভিতৰে-বাহিৰে যাতে প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিব পাৰি আৰু সৰ্বত্ৰ এক জনমত গঠন কৰিব পাৰি, সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি নীতিশ কুমাৰৰ সমৰ্থন বিচাৰি অগপৰ প্ৰতিনিধি দলটোৱে শুকুৰবাৰে পাটনালৈ ৰাওনা হয়।

ইয়াৰ পূৰ্বে অগপৰ এটা প্ৰতিনিধি দলে শিৱ সেনাৰ মুৰব্বীক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছিল। সেইদৰে আন কেতবোৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ লগতো বিষয়টোক লৈ অগপই আলোচনা কৰি সদনত সংশোধনী বিধেয়ক গৃহীত কৰাত বাধা আৰোপ কৰিবলৈ আহ্বান জনাইছিল।

অগপই কেন্দ্ৰত শাসনাধিষ্ঠিত এন ডি এৰ অন্যতম অংশীদাৰী দলৰ নেতা নীতিশ কুমাৰক কেন্দ্ৰীয় চৰকাৰে হিন্দু-বাংশাদেশীক সংস্থাপিত কৰাৰ বাবে অনা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাব।

অগপই কেন্দ্ৰীয় চৰকাৰৰ অংশীদাৰী দলৰ জৰিয়তে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী উত্থাপন কৰিব বিচাৰিছে।

শুকুৰবাৰে অগপৰ সভাপতি অতুল  বৰাৰ নেতৃত্বত অগপৰ প্ৰতিনিধি দলটো পাটনালৈ ৰাওনা হৈছে। নীতিশ কুমাৰৰ সৈতে আজি হ’ব লগা আলোচনাত সভাপতি অতুল বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰী, প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামী, সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডাঃ কমলা কলিতা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত থাকিব।

উল্লেখযোগ্য যে পূৰ্বে চলিত বৰ্ষৰ মে’ মাহত আছুৰ এটা প্ৰতিনিধি দলেও বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰি এই সন্দৰ্ভত আলোচনা কৰিছিল। তেতিয়া নীতিশ কুমাৰে আছুৰ প্ৰতিনিধি দলক অসমৰ স্বাৰ্থত তেওঁৰ সমৰ্থনৰ কথা জনাইছিল।