NORTHEAST NOW (Assamese)
অসম

মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত আৰম্ভ আন্তঃক্লাব ‘এ’ ডিভিজন ফুটবল লীগ

Posted by: ময়ূখ গোস্বামী August 26, 2018 8:52 pm
Prominent veteran footballer Ali Hussain is being introduced to the players (1)

মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰ পৰা মঙলদৈ বিদ্যাপীঠ খেলপথাৰত আৰম্ভ হৈছে চলিত বৰ্ষৰ কুমাৰ জ্যোতিৰিন্দ্ৰ নাৰায়ণ দেৱ সোঁৱৰণী ‘এ’ ডিভিজন আন্তঃক্লাব ফুটবল লীগ।

অৰুণোদয় সংঘ আৰু দহি আঞ্চলিক ক্ৰীড়া সংঘৰ মাজত অনুষ্ঠিত হোৱা আৰম্ভণি মেচত জয়ৰ শেষ হাঁহি মাৰে অৰুণোদয় সংঘই। আব্দুল হান্নানে পৰিচালনা কৰা মেচখনত অৰুণোদয় সংঘৰ হৈ একমাত্ৰ বিজয়সূচক গ’লটো দিয়ে দিগন্ত বৰুৱাই।

মেচখনৰ পূৰ্বে মঙলদৈ ক্ৰীড়া সন্থাৰ বিভিন্ন বিষয়া-কৰ্মচাৰী আৰু ট্ৰফী দাঁতা মীৰা দেৱীৰ লগতে অন্যান্য লোকৰ উপস্থিতিত ‘এ’ ডিভিজন ফুটবল লীগখনৰ শুভাৰম্ভণি কৰে প্ৰাক্তন ফুটবলাৰ আলী হুছেইনে।

মঙলদৈ ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক বিপুল কুমাৰ শৰ্মাই সংবাদ মাধ্যমক সদৰি কৰি কয় যে চলিত বৰ্ষৰ ‘এ’ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাত মুঠ আঠটা দলে অংশগ্ৰহণ কৰিব। আনহাতে প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অহা ৯ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব বুলি শৰ্মাই জানিবলৈ দিয়ে।