NORTHEAST NOW (Assamese)
অসম

ক’ভিডৰ সময়ত ১০ টকা ফিজৰ বিনিময়ত চিকিৎসা প্ৰদানৰে চৰ্চা লাভ কৰিছে বিশ্বনাথৰ এজন মানৱ দৰদী চিকিৎসকে

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম July 8, 2021 12:28 pm
kk

ক’ভিডৰ সময়ত চিকিৎসক সকলে প্ৰথম শ্ৰেণীৰ যোদ্ধা হিচাপে নিজকে নিয়োজিত কৰি আহিছে ।

বহু সময়ত এনে কভিদ যোদ্ধা শাৰীৰিক ভাবে নিগৃহীত হ’ব লগীয়াও হৈছে ।

এনে মূহুৰ্তত বহু চিকিৎসকে আজিও কাৰ্য সুচাৰু ৰূপে সম্পাদন কৰি অহা পৰিলক্ষিত হয় ।

এনে এগৰাকী চিকিৎসক হৈছে বিশ্বনাথ জিলাৰ পাভৈৰ ডা: ৰঞ্জন গগৈ ।

এসময়ত উচ্চ পদস্থ চৰকাৰী চিকিৎসা বিষয়াৰ পদ এৰা এই গৰাকী চিকিৎসকে ক’ভিডৰ সময়ত এতিয়া অতি কম ফিজতে চিকিৎসা কৰি আছে ৰোগী সকলৰ ।

সম্প্ৰতি ডা: ৰঞ্জন গগৈয়ে পাভৈত এখন ব্যক্তিগত চিকিৎসালয় খুলি চিকিৎসা সেৱা আগবঢ়াই আহিছে ।
উক্ত চিকিৎসালয়খনত ১০ টকা ফিজৰ বিনিময়ত আৰ্থিক ভাৱে দুৰ্বল ৰাইজক চিকিৎসা কৰি আহিছে এই গৰাকী মানৱ দৰদী চিকিৎসকে।

চিকিৎসক গৰাকীয়ে প্ৰকাশ কৰা মতে পৰিস্থিতি স্বাভাৱিক নোহোৱা পয্যন্ত ৰোগী পৰীক্ষাৰ বাবদ ১০ টকাহে গ্ৰহণ কৰিব ৷

ইফালে চিকিৎসকজনে দুখীয়া ৰাইজক ঔষধ বাকীকৈ দিওতে এতিয়া বহু লাখ টকাৰ বাকী হৈছে যদিও কোনো আক্ষেপ নাই চিকিৎসক গগৈৰ।

আনহাতে চিকিৎসক গৰাকীয়ে যিবোৰ ফাৰ্মাচীত ড্ৰাগছ জাতীয় সামগ্ৰী বিক্ৰী কৰে সেইবোৰ ধৰি আইনগত ভাবে উচিৎ শাস্তি দিব লাগে বুলিও কয় ।