NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 20, 2020 8:53 pm
শিৱসাগৰত সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীৰ

এটা ব্যক্তিগত চেনেলৰ শিৱসাগৰৰ ভিডিঅ’ জাৰ্নেলিষ্ট আছিফ আলীক ড্ৰাগছ ব্যৱসায়ী তফিক শ্বাহে ভাবুকি প্ৰদান কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, সাংবাদিক গৰাকীয়ে কতৰ্ব্য শেষ কৰি ঘৰলৈ উভতি অহাৰ সময়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত স্কুটি ৰখাই আক্ৰমণৰ চেষ্টা কৰে লম্পট তফিক শ্বাহে।

উল্লেখ্য যে, উজনি অসমৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী তফিক শ্বাহৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ভিডিঅ’ সংগ্ৰহ কৰি আহিছিল আছিফ আলীয়ে।

কিছুদিন পূৰ্বে আন এজন যুৱকক চহৰৰ বাবুপট্টিৰ ৰাজপথত চুৰীৰে আঘাত কৰি ৰঙাঘৰৰ আলহী হৈছিল তফিক শ্বাহ।

উক্ত বাতৰি সংগ্ৰহ কৰি সম্প্ৰচাৰিত কৰাৰ বাবেই কিছুদিন পূৰ্বে জেইলৰ পৰা মুকলি হৈ অহা তফিক শ্বাহে আজি সাংবাদিকজনক আক্ৰমণৰ চেষ্টা কৰে বুলি জানিব পৰা যায়।

ইপিনে নিজ পত্নী হত্যাৰো অভিযোগত অভিযুক্ত শিৱসাগৰৰ কুখ্যাত তফিক শ্বাহ।

ঘটনা সম্পৰ্কত ইতিমধ্যে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে সাংবাদিক আছিফ আলিয়ে।