NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত বিভিন্ন জিলাৰ ডিটিঅ’ৰ জাল চহীৰে নকল ড্ৰাইভিং লাইচেন্স বনোৱা বৃহৎ চক্ৰ উৎখাত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 4, 2019 2:27 pm
Driving License

গুৱাহাটী মহানগৰীত বিভিন্ন জিলাৰ ডিটিঅ’ৰ চহী জাল কৰি ভুৱা ড্ৰাইভিং লাইচেন্সৰ ব্যৱসায় চলাই থকা এটা বৃহত চক্ৰ ধৰা পৰিছে।

গড়চুক আৰু বশিষ্ঠ আৰক্ষীয়ে ৩ ছেপ্টেম্বৰৰ মাজনিশা যুটীয়া অভিযান চলাই লখৰাৰ পৰা এই চক্ৰটো উৎখাত কৰে।

অভিযানৰ সময়ত আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে অন্যান্য ৰাজ্যৰ বিভিন্ন জিলাৰ ডিটিঅ’ৰ জাল চহীৰে প্ৰস্তুত কৰা ৩২খন ড্ৰাইভিং লাইচেন্স জব্দ কৰিছে।

ইয়াৰোপৰি কম্পিউটাৰ, ১০০খন কাৰ্ড প্ৰিণ্ট কৰিব পৰা অত্যাধুনিক প্ৰিণ্টাৰ-স্কেনাৰ জব্দ কৰাৰ লগতে এই স্কেনাৰ সংলগ্ন ১০০খন কাৰ্ড জব্দ কৰে।

চক্ৰটোৱে বেহাৰবাৰীৰ এখন দোকানত এই সামগ্ৰীসমূহ মজুত কৰি ৰাখিছিল, আৰক্ষীৰ দাবী।

অভিযানটো লখৰাস্থিত জিলা পিৰবহণ বিভাগৰ কাৰ্যলয় আৰু বেহাৰবাৰীত চলোৱা হৈছিল।

অভিযানৰ সময়ত আৰক্ষীয়ে বৰপেটাৰ নিকুঞ্জ দাস নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। দাসৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন জিলাৰ ড্ৰাইভিং লাইচেন্স বনাই দিয়াৰ প্ৰতিশ্ৰুতিৰে ধন লুটি অহাৰ অভিযোগ আছে।

আৰক্ষীৰ মতে, চক্ৰটোৱে নলবাৰী, কামৰূপ, নগাওঁ জিলাৰ জিলা পৰিবহণ বিষয়াৰ জাল চহী ব্যৱহাৰ কৰাৰ লগতে পাঞ্জাব, উৰিষ্যা, মুম্বাইৰ ডিটিঅ’ৰ চহীও জাল কৰিছিল।