NORTHEAST NOW (Assamese)
অসম

উদ্ভাৱনী কৌশল! বান্দৰৰ পৰা শস্য ৰক্ষা কৰিবলৈ খেতিয়কে কুকুৰক সজালে বাঘ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 2, 2019 11:12 am
94d71777-dog-tiger-fb-828x435-1

নীলা শিয়ালৰ সাধু আমি শুনিছো। কিন্তু এইবাৰ বাস্তৱতে কুকুৰ এটাক পেইন্ট কৰি বাঘ সজোৱাৰ ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

কৰ্ণাটকৰ শিৱামুগ্গাৰ এজন খেতিয়কে অঞ্চলটোৰ খেতিপথাৰত আতংকৰ সৃষ্টি কৰা বান্দৰৰ পৰা তেওঁৰ শস্যখিনি ৰক্ষা কৰিবলৈ নিজৰ কুকুৰটোৰ গাত বাঘৰ দৰে পতীয়াকৈ ৰং সানিলে।

শ্ৰীকান্ত গৌডা নামৰ খেতিয়কজনৰ মনলৈ চাৰিবছৰ পূৰ্বে এই ধাৰণাটো মনলৈ আহিছিল যেতিয়া তেওঁ দেখিছিল যে উত্তৰ কানাড়া জিলাৰ ভটকালৰ সমীপত আন এজন খেতিয়কে বাঘৰ আকৃতিৰ এটা পুতলা সাজি চৌ হিচাপে ব্যৱহাৰ কৰিছিল।

সেয়েহে গৌডাই তেওঁৰ খেতিপথাৰত বাঘৰ পুতলা এটা সেইদৰে ৰখীয়া কৰাৰ সিদ্ধান্ত লয়। তেওঁ দেখি আনন্দিত হৈ পৰে যে বান্দৰবোৰে এই বাঘনেচীয়া পুতলাটোক দেখি ভয় খাইছে আৰু খেতি তহিলং কৰাৰ পৰা বিৰত আছে।

দুদিন পাছত তেওঁ পুতলা “বাঘ’টোক খেতি কৰা আন এটা অঞ্চলত ৰাখিলে আৰু তেওঁক অধিক আহ্লাদিত কৰি তাতো বান্দৰবোৰ অহা বন্ধ কৰিলে। ফলস্বৰূপে শস্য ৰক্ষা পৰিল।

a4c59c2f-tiger-828x393
ফটো সৌজন্য: @mangalpady/Twitter

গৌড়াই অৱশ্যে জানে যে তেওঁ সদায় এই পুতলা বাঘটোৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে। সেয়ে তেওঁ মনত আন এটা বুদ্ধি পাঙিলে। তেওঁ নিজৰ কুকুৰটোক এটা বাঘৰ দৰে আকৃতিৰে পেইন্ট কৰি দিলে।

গৌডাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে তেওঁ নিজৰ কুকুৰটোক এটা বনৰীয়া জন্তুৰ আকাৰ দিবলৈ চুলিত সনা ৰং ব্যৱহাৰ কৰে আৰু এইটো প্ৰায় এমাহ চলে। আনহাতে, চৌ এটা সঘনাই স্থান সলনি কৰি ফুৰাতকৈ এইটো অধিক কাৰ্যক্ষম।

ইপিনে, জে এছ চিদানন্দ গৌডা নামৰ খেতিয়কজনে একেধৰণৰ কৌশল অৱলম্বন কৰি স্পীকাৰত কুকুৰে ভূকি থকা শব্দ ব্যৱহাৰ কৰি বান্দৰ খেদিছিল।

বিশ্বৰ বিভিন্ন প্ৰান্তত এনেদৰে  কুকুৰৰ গাত পেইন্ট সানি এক সম্পূৰ্ণ ভিন্ন প্ৰজাতিৰ দৰে দেখিবলৈ কৰা কৌশল দেখা যায়।