NORTHEAST NOW (Assamese)

স্মৰণীয়-বৰণীয়: যিবোৰ কথাই আমাক প্ৰকৃত মানুহ হিচাপে গঢ়ি উঠাত ‘বিশুদ্ধ অক্সিজেন’ দিয়ে

July 23, 2023 7:14 am · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

অনন্তকালৰ পৰাই মানুহে নিজক জীৱশ্ৰেষ্ঠ হিচাপে পৰিচয় দিয়াৰ চেষ্টা কৰি আহিছে। কিন্তু সময়ৰ পৰীক্ষাত বহু সময়ত মানুহে নিজৰ পৰিচয়েই পাহৰি পেলাইছে। ইয়াৰ বাবে মানুহ শিক্ষিত হৈও, বিকাশৰ চৰম পৰ্যায়ত উপনীত হৈও কিছুমান অপকৰ্মৰ দ্বাৰা নিজৰ স্খলন মাতি আনে। ইয়াৰ বাবে প্ৰয়োজন প্ৰকৃত জ্ঞানৰ। এনে কিছু জ্ঞানৰ উৎস দাঙি ধৰা হ’ল-  

১. এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয়, তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে৷ তাৰ প্ৰকৃত কাৰণ হ’ল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্য্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে৷ – ঋকৱেদ

২. ক্রোধ মানুহৰ প্রধান শত্রু। ক্রোধ কৰা মানুহে যুদ্ধৰ বাহিৰে অন্য কামত ভাগ লব নোঁৱাৰে। – বাইবেল

৩. আমি যাক সৃষ্টি কৰিব নোৱাৰো তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই। – গুৰু নানক

৪. আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ’ব তুমি নাজানা। – হজৰত মহম্মদ

৫. আনক আঘাত দিলে, সেই আঘাত এদিন নিজে ভোগ কৰিব লাগিব। – তুলসীদাস

৬. যেতিয়ালৈকে মানৱ আত্মাক শক্তিশালী কৰিব নোৱাৰি তেতিয়ালৈকে শিক্ষা সম্পূৰ্ণ নহয়। – মহাত্মা গান্ধী

৭. কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা। বৰং সমস্যাকহে তোমাৰ অধীন কৰা আৰু নিঃশেষ কৰা। – ড॰ এ পি জে আব্দুল কালাম

৮. নিজৰ পাৰদৰ্শিতা বৃদ্ধি কৰিবলৈ অসম্ভৱ বুলি জনা কামো কৰিবলৈ আগুৱাই যাবলৈ কুণ্ঠাবোধ নকৰিবা৷ – আব্ৰাহাম লিংকন

৯. সকলো ধৰ্মৰ মূল কথা এটাই, সেইটো হৈছে মানুহক মানুহ ৰূপে গঢ়ি তোলা। – ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ

১০. অভাৱ, দৰিদ্ৰ আৰু বৈষম্যৰ মাজত কোনো গণতন্ত্ৰ সৰহকাল তিষ্ঠি থাকিব নোৱাৰে। – জৱাহৰলাল নেহৰু

Related News