NORTHEAST NOW (Assamese)
অসম

আলফা (স্বাঃ)ৰ মজিয়াৰ পৰা এ কে ফৰ্টি ছেৱেন লৈ ছিনিয়’ৰ ছ’ফটৱেৰ ইঞ্জিনীয়াৰৰ চাঞ্চল্যকৰ ভিডিঅ’

Posted by: এন ই নাও নিউজ November 30, 2018 4:41 pm
Abhijit Gogoi

ছিনিয়’ৰ ছফটৱেৰ ইঞ্জিনীয়াৰৰ চাকৰি এৰি এজন অসমীয়া যুৱকে আলফা (স্বাঃ)ত যোগদান কৰি হাতত ৰাইফল লৈ দিয়া ভিডিঅ’ স্বীকাৰোক্তিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিশেষকৈ মন্ত্ৰী হিমন্ত আৰু অন্যান্য কিছু সংখ্যকে শেহতীয়াকৈ আলফা (স্বাঃ)ত অসমৰ যুৱকৰ ব্যাপক হাৰত যোগদানৰ কাৰণ অসমত সৃষ্টি হোৱা ‘কৰ্মসংস্থানহীনতা’ বুলি দেখুৱাবৰ যি প্ৰয়াস কৰিছিল, ই তাক একেবাৰে নসাৎ কৰি দিলে।

আলফাত যোগদান কৰা যুৱকজনে ভিডিঅ’টোৰ শিৰোনাম দিয়ে “কুকুৰেও খায় জীয়াই থাকে।মই তেওঁলোকৰ দৰে কুকুৰ হৈ জীয়াই থাকিবলৈ বিচৰা নাই।”

ভিডিঅ’টোত অভিজিৎ গগৈয়ে, যি কিছু দিন আগলৈকে এজন ছিনিয়’ৰ ছফটৱেৰ ইঞ্জিনীয়াৰ হিচাপে কৰ্মৰত আছিল, কয় যে তেওঁ জাতিৰ কথা ভাবিয়ে সশস্ত্ৰ সংগ্ৰামত যোগাদান কৰিছে। লগতে তেওঁ আন যুৱকসকলকো জাতীয়তাবাদৰ ভাব হেঁচি নাৰাখি সশস্ত্ৰ সংগ্ৰামত যোগদানৰ বাবে আহ্বান জনায়।

যুৱকজনৰ স্বীকাৰোক্তি মতে, তেওঁৰ ঘৰ ডিব্ৰুগড় জিলাৰ মৰাণত। দেউতাকৰ নাম হৰিশ্চন্দ্ৰ গগৈ। তেওঁ ২০১২ চনত চেন্নাই এছ আৰ এম য়ুনিভাৰ্ছিটিৰ পৰা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ স্নাতক ডিগ্ৰী লৈছিল বুলি কয়।

“মই ২০১২ চনত চেন্নাই এছ আৰ এম য়ুনিভাৰ্ছিটিৰ পৰা বিজ্ঞান প্ৰযুক্তিবিদ্যাত স্নাতক ডিগ্ৰী লৈছিলো। ইয়াৰ পিছত মই ছ’ফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে হিতাশ্ৰী নামৰ কোম্পানীত চাকৰি কৰো।” ভিডিঅ’টোত কয় অভিজিৎ গগৈয়ে।

কৰ্মসূত্ৰে তেওঁ ছিংগাপুৰ, অষ্ট্ৰেলিয়া, মালয়েছিয়া আদি দেশত থকা বুলিও কয়। আনহাতে তেওঁৰ শেহতীয়াকৈ আছিল বাংলালুৰু এছ এ পি টেকন’লজিত ছিনিঅ’ৰ ছফটৱেৱ ইঞ্জিনিয়াৰ হিচাপে।

“অসমীয়া জাতি আজি সংকটৰ গৰাহত। নিৰস্ত্ৰ সংগঠনবোৰক আস্থাত ল’ব নোৱাৰি। এই সংগঠনবোৰ ৰাজনৈতিক নেতা বনোৱা কাৰখানাত পৰিণত হৈছে।” অভিজিৎ গগৈৰ মত।

তেওঁ আন যুৱককো আলফা (স্বাঃ) যোগদানৰ বাবে আহ্বান জনায়। “জাতীয়তাবাদ ভাবখিনি হেঁচি নাৰাখি, মোৰ দৰে তেওঁলোকো আহক আমাৰ ওচৰলৈ। সংগঠনৰ সৈতে, বৈপ্লৱিক সংগঠনৰ সৈতে জাতিটোৰ স্বাৰ্থত নিয়োজিত কৰক।” গগৈয়ে কয়।

তেওঁ ত্ৰিপুৰাৰ উদাহৰণ দাঙি ধৰি কয়, “আমি যদি এইদৰে ওলাই নাহো, আমাৰ হকে কোনো নাহে। আমেৰিকাৰো যিবোৰ খিলঞ্জীয়া লোক সেইবোৰো আজি অস্তিত্বহীন।”

ইফালে পিতৃ-মাতৃসকলকো তেওঁ নিজৰ সন্তানক আলফালৈ পঠাবলৈ অনুৰোধ কৰে।

“সেই সকল পিতৃ-মাতৃকো এই মঞ্চৰ পৰাই ক’ব বিচাৰো। মোৰ দেউতা-মায়ো হয়তো ভবা নাছিল, যে মই এইদৰে ওলাই আহিম। আপোনাৰ মনত যদি অলপ হ’লেও জাতীয় চেতনা আছে, তাক গুপুতে নাৰাখি প্ৰকাশ কৰক। ৰাষ্ট্ৰযন্ত্ৰলৈ ভয় নকৰিব। আপুনি আজি ভয় কৰাৰ পৰিণাম আপোনাৰ পুত্ৰই কিন্তু বেলেগ এটা দিশত লৈ যাব। মোৰ মাতৃৰ নিচিনা আপুনিও এদিন কান্দোনত ভাগি পৰিব। গতিকে জাতীয় চেতনাক উদগিৰণ কৰক। বহিপ্ৰকাশ কৰক। ৰাষ্ট্ৰৰ বিৰুদ্ধে, শোষণৰ বিৰুদ্ধে, বঞ্চনাৰ বিৰুদ্ধে।” নিজৰ স্বীকাৰোক্তিত অভিজিৎ গগৈয়ে কয়।

“বৈপ্লৱিক সংগঠন সদায়ে অমৰ, সদায়ে জিন্দাবাদ। জয় আই অসম।” বক্তব্যৰ শেষত তেওঁ এইদৰে ধ্বনি দিয়ে। জানিব পৰামতে, যুৱকজনৰ আচল নাম কনক চন্দ্ৰ গগৈ।

https://www.facebook.com/419244711562305/videos/575753079555899/