NORTHEAST NOW (Assamese)
দেশ

প্ৰভুভক্ত : গৰাকীক বচাবলৈ বাঘৰ সৈতে যুঁজ দি প্ৰাণ হেৰুৱালে জাৰ্মান শ্বেফাৰ্ডে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 2, 2025 8:33 pm

নিজৰ প্ৰভুভক্তি আৰু আনুগত্যৰ বাবে মানুহৰ প্ৰিয় সংগী হিচাপে সদায় পৰিচিত হৈ আহিছে পোহনীয়া কুকুৰ। এইবাৰ এটা পোহনীয়া কুকুৰে গৰাকীৰ প্ৰাণ ৰক্ষাৰ বাবে এটা বাঘৰ লগত যুদ্ধ কৰি নিজৰ প্ৰাণ আহুতি দিয়াৰ তথ্য পোহৰলৈ আহিছে।

যদিও যুদ্ধত কুকুৰটোৱে বাঘটোক পৰাস্ত কৰি গৰাকীক বচাবলৈ সক্ষম হৈছিল, তথাপিও কুকুৰটো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু শেষত মৃত্যুবৰণ কৰিছিল

মধ্যপ্ৰদেশৰ সতনা জিলাৰ বান্ধৱগড় বাঘ সংৰক্ষিত বনাঞ্চলৰ সমীপৰ এখন গাঁৱত যোৱা সপ্তাহত সংঘটিত এই ঘটনাৰ বিষয়ে জানিব পাৰি আৱেগিক হৈ পৰিছে কুকুৰপ্ৰেমীসকল।

জানিব পৰা মতে, পোহনীয়া জাৰ্মান শ্বেফাৰ্ডটোৰ সৈতে বাহিৰলৈ ওলাই গৈছিল  শিৱম বদগৈয়া নামৰ এজন ব্যক্তি। ঠিক তেনে সময়তে ওচৰৰ হাবিখনৰ পৰা ওলাই অহা এটা বাঘে হঠাতে শিৱমৰ ফালে চোচা ল’লে। লগে লগে গৰাকীক ৰক্ষাৰ বাবে বাঘৰ সৈতে যুঁজিবলৈ আৰম্ভ কৰিলে পোহনীয়া কুকুৰটোৱে। কুকুৰটোৱে চলোৱাৰ চেষ্টাৰ পিছত বাঘটো পুনৰ অৰণ্যলৈ গুচি যায় যদিও কুকুৰটো গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। যদিও কুকুৰটোক লগে লগে পশু চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হয়, কেইটামান ঘণ্টাৰ পিছত মৃত্যু হয়। মালিকৰ বাবে প্ৰাণ দিয়া এই সাহসী পোহনীয়া কুকুৰটোৰ মৃত্যুৱে এতিয়া গাঁওখনত শোকৰ ছাঁ পেলাইছে।