NORTHEAST NOW (Assamese)

ইউক্ৰেইনত আৱদ্ধ শুৱালকুছিৰ ছাত্ৰী; যুদ্ধভূমিৰ পৰা দুৰ্দশাৰ কথা বৰ্ণনা কৰি প্ৰেৰণ কৰিলে ভিডিঅ’ বাৰ্তা

February 25, 2022 1:14 pm · মৃদুল প্ৰীতম ডেকা, কামৰূপ

ইউক্ৰেইনত এতিয়া যুদ্ধৰ আতংক। ৰাছিয়াৰ আক্ৰমণৰ ফলত দেশখনত বিভীষিকাময় পৰিবেশৰ সৃষ্টি হৈছে। চৌদিশে ছানি ধৰিছে জুই আৰু ধোঁৱাই।বোমা বিস্ফোৰণৰ শব্দই কঁপাই তুলিছে আকাশ-বতাহ।

যুদ্ধ চলি থকাৰ মাজতে ইউক্ৰেইনত আৱদ্ধ হৈ পৰিছে সমগ্ৰ ভাৰতৰ লগতে  অসমৰো বহু ছাত্ৰ-ছাত্ৰী। যুদ্ধ জৰ্জৰিত ইউক্ৰেইনত শুৱালকুছিৰ এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীও আৱদ্ধ হৈ আছে।

দ্বীপশিখা দাস নামৰ ছাত্ৰীগৰাকী ইউক্ৰেইনৰ উজ্জৰুড বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞান বিষয় অধ্যয়ন কৰি আছে।

লগতে পঢ়ক: ন যযৌ ন তস্থৌ ভাৰত! ইউক্ৰেইন যুদ্ধত ভাৰতৰ ‘সন্তুলন ৰক্ষা’ৰ কূটনৈতিক স্থিতিক লৈ অসন্তুষ্ট বিডেন?

দেশখনত বোমা বিস্ফোৰণ, মৰ্টাৰ আক্ৰমণ চলি থকাৰ মাজতে সাংবাদিকলৈ এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছে ছাত্ৰীগৰাকীয়ে।

ইউক্ৰেইনত এতিয়া বিমানসেৱা ৰে’লসেৱা আদি সকলো বন্ধ। সেইদৰে বন্ধ হৈ পৰিছে বেংক সেৱাও। ছাত্ৰী গৰাকীৰ হাতত এতিয়া টকা-পইচা নাই।

আনহাতে, ইউক্ৰেইনত খাদ্যৰ নাটনিও দেখা গৈছে। এনে পৰিস্থিতিত ছাত্ৰীগৰাকী এতিয়া হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে।

ভাৰত চৰকাৰ তথা অসম চৰকাৰলৈ শুৱালকুছিৰ দ্বীপশিখা দাসে কাতৰ আহ্বান জনাই কয়, ‘অতি শীঘ্ৰে ইউক্ৰেইনৰ পৰা মোক উদ্ধাৰ কৰক।‘

লগতে পঢ়ক: পাকিস্তানী ধনকুবেৰৰ পুত্ৰই ডিঙি কাটি হত্যা কৰিছিল বান্ধৱীক; আদালতে দিলে মৃত্যুদণ্ড

ইপিনে, দ্বীপশিখাৰ শুৱালকুছিৰ ঘৰখনটো এতিয়া ছাত্ৰীগৰাকীক কেনেকৈ উদ্ধাৰ কৰিব পৰা যায় তাকলৈ হাহাকাৰ লাগিছে।

Related News