NORTHEAST NOW (Assamese)
অসম

চামগুৰিত বিদ্যালয়ৰ পৰা ওভতাৰ পথতে ছাত্ৰীক অপহৰণ দুৰ্বৃত্তৰ

Posted by: বিদ্যুৎ জ্যোতি বৰা September 15, 2018 9:19 pm

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি ছোৱালী হাইস্কুলৰ এগৰাকী ছাত্ৰীক বিদ্যালয় ছুটিৰ পিছত ঘৰলৈ গৈ থকা অৱস্থাত কোনো দুৰ্বৃত্তই অপহৰণ কৰা কাণ্ডয়ে সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে কালি নিশা বাজিয়াগাঁৱৰ নিবাসী ৰজব আলীয়ে কন্যাৰ অপহৰণ কাণ্ডৰ এজাহাৰ চামগুৰি আৰক্ষী থানাত দাখিল কৰাতহে আজি সমগ্ৰ ঘটনা পোহৰলৈ আহিছে।

ৰজব আলীয়ে এজাহাৰত উল্লেখ কৰা মতে চামগুৰি ছোৱালী হাইস্কুলৰ নৱম মান শ্ৰেণীৰ ছাত্ৰী তথা কন্যাই শুকুৰবাৰে তিনি বজাত স্কুল ছুটি হোৱাৰ পিছত ঘৰলৈ গৈ থকা অৱস্থাত বাজিয়াগাৱঁৰ পৰা এজন দুৰ্বৃত্তই অপহৰণ কৰে।

আনহাতে এই ঘটনাৰ মূল অপৰাধী বুলি এজাহাৰত উল্লেখ কৰে চামগুৰি থানাৰ অন্তৰ্গত কনুৱামাৰী গাৱঁৰ হেলাল উদ্দিনৰ পুত্ৰ নুৰ মহমদক।

বৰ্তমান চামগুৰি আৰক্ষীয়ে পিতৃৰ এজাহাৰৰ ওপৰত ভিত্তি কৰি ৫৯১/১৮ নম্বৰত গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমান পৰ্যন্ত ছাত্ৰী গৰাকীৰ লগতে অপহৰণকাৰীৰো কোনো সম্ভেদ উলিয়াবলৈ আৰক্ষী সক্ষম হোৱা নাই।