NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইত প্ৰেমিক আৰু প্ৰেমিকৰ মোমায়েককে ধৰি ৬ জনে পথাৰলৈ নি ধৰ্ষণ কৰিলে যুৱতীক

Posted by: নীলমণি শৰ্মা August 24, 2018 5:29 pm

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া তথা আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত টুকুৰাত বৃহস্পতিবাৰে নিশা সংঘটিত এক নাৰকীয় কাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

উল্লেখযোগ্য যে ঈদ খাবলৈ বুলি মাতি অনা প্ৰেমিকাক প্ৰেমিক সহ পাঁচ লম্পটে কাষৰীয়া পথাৰত দলবদ্ধ ধৰ্ষণ কৰে।

প্ৰাপ্ত তথ্য মতে গুৱাহাটীৰ এটা কোম্পানীত কৰ্মৰত জয়নাল আবেদিন নামৰ লম্পট প্ৰেমিক জনে ঈদ খাবলৈ বুলি বোকোৰ গাৰো সম্প্ৰদায়ৰ প্ৰেমিকা গৰাকীক বৃহস্পতিবাৰে টুকুৰালৈ বুলি বাছৰে লৈ আহে।

আৰু পিছত পূৰ্বৰ পৰিকল্পনা অনুসৰি সন্ধিয়া নিৰ্জন পথাৰত ফুৰাবলৈ নিয়াৰ চলৰে গোটেই নিশা চাৰি পাষণ্ডই যুৱতী গৰাকীক ধৰ্ষণ কৰে।

আনহাতে স্থানীয় লোকে পুৱতি নিশা ঘটনা সম্পৰ্কত জানিব পাৰি আৰক্ষীক অৱগত কৰে। ফলত স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰে।

বৰ্তমান যুৱতী গৰাকী গোৱালপাৰাত চিকিৎ সাধীন হৈ আছে যদিও বৰ্তমানলৈকে যুৱতী গৰাকীয়ে চেতনা ঘূৰাই পোৱা নাই।

ইফালে আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ মূল অভিযুক্ত তথা লম্পট প্ৰেমিক জয়নাল আবেদিনৰ লগতে আব্দুল লতিফ আৰু আব্দুল কাদেৰক আটক কৰে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি এই ঘটনাৰ সৈতে জড়িত দুই পাষণ্ড এতিয়াও পলাতক অৱস্থাত আছে।

মন কৰিব লগীয়া যে আৰক্ষীয়ে আটক কৰা আব্দুল কাদেৰ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত তথা লম্পট প্ৰেমিক জয়নাল আবেদিনৰ মোমায়েক।