NORTHEAST NOW (Assamese)
Popular Stories

চলন্ত ভানত প্ৰায় ২ ঘণ্টা ধৰি দলবদ্ধভাৱে অপকৰ্ম! পথত মহিলাক পেলাই থৈ পলায়ন দুৰ্বৃত্তৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 31, 2025 8:30 pm

মঙলবাৰে পুৱা হাৰিয়ানাৰ ফৰিদাবাদত এক জঘন্য ঘটনা সংঘটিত হয়। এখন চলন্ত ভানৰ ভিতৰত প্ৰায় দুঘণ্টাতকৈও অধিক সময় ধৰি দলবদ্ধ ধৰ্ষণ কৰাৰ পিছত এগৰাকী ২৮ বছৰীয়া বিবাহিতা মহিলাক পথত পেলাই থৈ যোৱা হয়।

আৰক্ষী সূত্ৰই জনোৱা মতে, সোমবাৰে গভীৰ নিশা ঘৰলৈ যাবলৈ অপেক্ষা কৰি থকা মহিলাগৰাকীক দুজন যুৱকে গন্তব্যস্থানত নমাই দিয়াৰ প্ৰতিশ্ৰুতি দি এখন ভানত উঠাই লয়। কিন্তু গাড়ীখন গুৰগাঁও পথৰ দিশে লৈ গৈ তেওঁলোকে মহিলাগৰাকীক ভয়-ভাবুকি দি ধৰ্ষণ কৰে। অভিযোগ অনুসৰি, প্ৰায় ২.৫ ঘণ্টা ধৰি মহিলাগৰাকীক ভানৰ ভিতৰত বন্দী কৰি ৰখা হৈছিল।

পুৱা প্ৰায় ৩ বজাত অভিযুক্ত দুজনে এছ জি এম নগৰৰ ৰাজা চ’কৰ ওচৰত মহিলাগৰাকীক পথৰ ওপৰত পেলাই থৈ যায়। ফলত মহিলাগৰাকীৰ মুখত গুৰুতৰ আঘাত লাগে আৰু প্ৰচুৰ ৰক্তক্ষৰণ হয়।

ভুক্তভোগীৰ বৰ্তমান অৱস্থা

আঘাতপ্ৰাপ্ত অৱস্থাতে মহিলাগৰাকীয়ে বাৰে বাৰে নিজৰ ভনীয়েকলৈ ফোন কৰে। পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যায়, য’ত চিকিৎসকে তেওঁৰ মুখত প্ৰায় ১০–১২টা চিলাই কৰিবলগীয়া হয়। বৰ্তমান মহিলাগৰাকীৰ শাৰীৰিক অৱস্থা সুস্থিৰ যদিও তেওঁ গভীৰ মানসিক আঘাতত ভুগিছে। এই মুহূৰ্তলৈকে তেওঁৰ কোনো আনুষ্ঠানিক ভাষ্য গ্ৰহণ কৰা হোৱা নাই।

জানিব পৰা মতে, তিনিটা সন্তানৰ মাতৃ মহিলাগৰাকী ঘৰুৱা বিবাদৰ বাবে স্বামীৰ পৰা পৃথককৈ থাকে।

আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু কাণ্ডত ব্যৱহৃত ভানখনো জব্দ কৰিছে। ঘটনা সন্দৰ্ভত কোটোৱালি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।