NORTHEAST NOW (Assamese)
অসম

বৰপেটাত দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি কাঢ়ি নিলে ৩ লাখ টকা

Posted by: এন ই নাও নিউজ October 21, 2018 7:21 am
loot-570x320

বৰপেটাৰ মুখাৰিত শনিবাৰে মুক্তাৰ খান নামৰ এজন লোকক দুৰ্বৃত্তৰ এটা দলে মাৰপিট কৰাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি প্ৰায় তিনি লাখ টকা কাঢ়ি লৈ যায়।

প্ৰাপ্ত তথ্য মতে মুক্তাৰ খান নামৰ লোকজনে মাটি ক্ৰয়ৰ উদ্দেশ্যে প্ৰায় তিনি লাখ টকা লৈ ঘৰলৈ গৈ আছিল। আৰু সেই সময়তে মুখাৰিত দুৰ্বৃত্তৰ এটা দলে লোকজনক আগচি ধৰি মাৰপিট কৰি তেওঁৰ হাতত থকা তিনি লাখ টকা কাঢ়ি লৈ যায়।

ইফালে দুৰ্বৃত্ত দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত খানক বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়।

ইতিমধ্যে ঘটনা সন্দৰ্ভত মুক্তাৰ খানৰ পৰিয়ালৰ লোকে এই ডকাইতি ঘটনা জড়িত থকাৰ অভিযোগত শুকুৰ মিৰ্দা, আয়েব আলী মিৰ্দা, মহফিজ মিৰ্দা, মালেক মিৰ্দা, খালেক মিৰ্দা আৰু মোজামিল মিৰ্দাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

ইতিমধ্যে এই ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে ঘটনাৰ সৈতে জড়িত লোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ বাবে দাবী জনায়।