NORTHEAST NOW (Assamese)
অসম

মহাৰাষ্ট্ৰৰ এটি পৰ্যটকৰ দলে উপভোগ কৰিলে কলিয়াবৰৰ মুকলি বিহু

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা April 16, 2021 12:06 pm
Koliabaor

কলিয়াবৰ কেন্দ্রীয় ছাত্র সন্থাৰ উদ্যোগত অসমীয়া নৱবৰ্ষৰ প্রথম দিনটোতে কলিয়াবৰৰ কুঁৱৰীটোল গান্ধী খেল পথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে মুকলি বিহু উদযাপন কৰা হয়।

কলিয়াবৰৰ সমন্বিত যুৱতীৰ্থৰ দ্বাৰা হুঁচৰী প্ৰদৰ্শন, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকবাদ্য ও জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰে তেজপুৰ থেচপিয়ান।

মুকলি বিহু প্ৰদৰ্শন কৰে ঢেকিয়াজুলীৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল আৰু বোকাখাত গামখাৰু বিহুৱা দলে।

ঝংকাৰ জনগোষ্ঠীয় বিহুনাচ দল আৰু ফ্ৰেণ্ডশ্বিপ ক্লাব জখলাবন্ধাৰ লগতে কলিয়াবৰ কেন্দ্রীয় ছাত্র সন্থাৰ উদ্যোগত ঢোলৰ ওজা সোমনাথ বৰাৰ নেতৃত্বত প্ৰশিক্ষিত ৩০০ গৰাকী নাচনীৰ দ্বাৰা বিহুনাচ প্ৰদৰ্শন কৰে।

উক্ত অনুষ্ঠানটি মহাৰাষ্ট্ৰৰ এটি ২০ জনীয়া পৰ্যটকৰ দলে উপভোগ কৰে।

দলটোৱে অসমৰ লোক সংস্কৃতি প্ৰাকৃতিক পৰিৱেশৰ বৰ্ণনা কৰি কয় যে অসমখন সচাঁকৈ ধুনীয়া, অসমৰ সংস্কৃতি সকলোতকৈ ভাল লগা লগতে এইদৰে মুকলি বিহু উপভোগ কৰিবলৈ পায় বহু সুখী হৈছে।