NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ সমীপত উদ্ধাৰ মহিলাৰ মুণ্ডহীন মৃতদেহ

Posted by: এন ই নাও নিউজ, ডিব্রুগড় Updated by: এন ই নাও নিউজ, ডিব্রুগড় June 15, 2023 8:02 pm

বৃহস্পতিবাৰে (১৫ জুন) ডিব্ৰুগড় চহৰৰ পৰা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱাৰ খৱৰ আহিছে।

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ মূল প্ৰৱেশদ্বাৰৰ সমীপৰ পৰা উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ।

মৃত মহিলাগৰাকীৰ মৃতদেহৰ কাষৰ পৰা মহিলাগৰাকীৰ কটা মূৰটোও উদ্ধাৰ কৰা হয়।

লগতে পঢ়ক: কুকি উগ্ৰপন্থীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক: ডি ৱাই এফ আই

এই বাতৰি লিখা সময়লৈকে মৃত মহিলাগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই।

ইপিনে, ডিব্ৰুগড় জিলাৰ আৰক্ষীয়ে এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে।