NORTHEAST NOW (Assamese)
Popular Stories

মত প্ৰকাশৰ স্বাধীনতা অবিহনে এখন সুস্থ আৰু সভ্য সমাজ সম্ভৱ নহয়ঃ উচ্চতম ন্যায়ালয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 28, 2025 3:25 pm

মত প্ৰকাশৰ স্বাধীনতা এখন সুস্থ আৰু সভ্য সমাজৰ এক অবিচ্ছেদ্য অংগ। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দানৰ জৰিয়তে এই কথা ঘোষণা কৰে। গুজৰাটত কংগ্ৰেছৰ সাংসদ ইমৰাণ প্ৰতাপগড়ীৰ বিৰুদ্ধে এফআইআৰ খাৰিজ কৰাৰ সময়তে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই মন্তব্য কৰে।

গুজৰাট আৰক্ষীয়ে ইমৰাণ প্ৰতাপগড়ীৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত কবিতা আপলোড কৰি শত্ৰুতা বিয়পাই দিয়াৰ অভিযোগত এফআইআৰ দাখিল কৰিছিল। এই বিষয়ত উচ্চতম ন্যায়ালয়ে তীব্ৰ মন্তব্য কৰি কয় যে কোনো লেখা বা মন্তব্যক ঘৃণনীয় বুলি বিচাৰ কৰিব নোৱাৰি। কিছুমান মানুহৰ চিন্তা-চৰ্চাৰ সমস্যা থাকে, যিসকলে সকলোকে ভাবুকি বা সমালোচনা বুলি ভাবে।

ন্যায়াধীশ এএছ ওকা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ নেতৃত্বত গঠিত বিচাৰপীঠখনে স্পষ্টভাৱে কয় যে, ‘এটা সুস্থ গণতন্ত্ৰৰ বাবে মত প্ৰকাশৰ স্বাধীনতা অতি প্ৰয়োজনীয়। সাহিত্য, কবিতা, নাটক, শিল্প আৰু কাৰ্টুনে সমাজখনক সমৃদ্ধ কৰে।

সমগ্ৰ দেশতে মত প্ৰকাশৰ স্বাধীনতাক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে এই ৰায়দান আহিছে। শেহতীয়াকৈ কমেডী অভিনেতা কুনাল কামৰাৰ বিৰুদ্ধেও মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল, যিয়ে এটা কমেডী শ্বৰ সময়ত শিৱসেনাৰ নেতা একনাথ সিন্দেক নাম নোলোৱাকৈ দেশদ্ৰোহী বুলি উল্লেখ কৰিছিল।

এই পৰিস্থিতিত উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানে মত প্ৰকাশৰ স্বাধীনতাৰ বিষয়টোত এক গুৰুত্বপূৰ্ণ নজিৰ গঢ়ি তুলিছে। বিশেষজ্ঞসকলৰ মতে, এই ৰায়দান ভৱিষ্যতে বাক স্বাধীনতাৰ ওপৰত আইনী চাপ হ্ৰাস কৰাত মুখ্য ভূমিকা লব পাৰে।