NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ৰাছিয়ালৈ সহায়ৰ হাত! ১২ হাজাৰ সেনা প্ৰেৰণ কৰিলে উত্তৰ কোৰিয়াই

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 19, 2024 2:21 pm

দুবছৰৰো অধিক সময় ধৰি আছে ৰুছ-ইউক্ৰেইন যুদ্ধ। এই যুদ্ধৰ সময়ত দুয়োখন দেশকে বিভিন্ন শক্তিয়ে সহায়ৰ হাত আগবঢ়াই আহিছে।

উল্লেখ্য যে এই যুদ্ধত ৰাছিয়াৰ পক্ষত আছে উত্তৰ কোৰিয়া। শেহতীয়াকৈ ৰাছিয়াক সহায় কৰিবলৈ ১২ হাজাৰ কোৰিয়ান সেনা ৰাছিয়ালৈ প্ৰেৰণ কৰা হৈছে। এই তথ্য প্ৰকাশ কৰিছে দক্ষিণ কোৰিয়াই।

দক্ষিণ কোৰিয়াৰ চোৰাংচোৱা সংস্থাই দাবী কৰা মতে ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়াক সহায় কৰিবলৈ উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে ১২ হেজাৰ সৈনিক প্ৰেৰণ কৰিছে।

উল্লেখ্য যে কেইমাহমান পূর্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে উত্তৰ কোৰিয়া ভ্ৰমণ কৰিছিল। সুদীর্ঘ ২৪ বছৰ উত্তৰ কোৰিয়া ভ্ৰমণ কৰিছিল পুটিনে। সেই ভ্ৰমণৰ সময়ত দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধানে যুদ্ধৰ বিষয়ে আলচনা কৰিছিল আৰু ৰাছিয়াক যুদ্ধত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল উত্তৰ কোৰিয়াই।