NORTHEAST NOW (Assamese)
অসম

নিয়ন্ত্ৰণহীন অডি! ব্যস্ত ৰাস্তাত মহটিয়াই নিলে পথচাৰীক; ১জনৰ মৃত্যু, কমেও ১৬ জন আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 10, 2026 10:40 am

ভয়ংকৰ, মৰ্মান্তিক। আকৌ নিয়ন্ত্ৰণহীন গাড়ীৰ তীব্ৰ গতিৰ বলি পথাচাৰী। বহুতে মৃত্যুৰ সৈতে যুঁজি আছে। এখন অ’ডি গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই ইটোৰ পিছত সিটোকৈ পথচাৰী আৰু ঠেলা এখনত খুন্দা মাৰে। ফলত নিমিষতে ঘটিল ভয়ংকৰ পৰিণতি।

ৰাজস্থানৰ জয়পুৰৰ জাৰ্নেলিষ্ট কলনীত সংঘটিত এক মৰ্মান্তিক দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে এজন পথচাৰীৰ। মৃত লোকজনৰ নাম ৰমেশ। আন কমেও ১৬ জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে। ইয়াৰে কেইজনমানৰ অৱস্থা সংকটজনক।

এই ভয়ংকৰ ঘটনাটো সংঘটিত কৰি পলায়ন কৰে বিলাসী গাড়ীখনৰ চালক আৰু গাড়ীখনত থকা আন ৩জন লোক। তদন্তৰ অন্তত গাড়ীখনত থকা এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে নিশা প্ৰায় ৯:৩০ বজাত সংঘটিত হয় এই ঘটনা। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে এই দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন দমন আৰু ডিউৰ। যদিও গাড়ীখনত থকা চাৰিওজন লোক ৰাজস্থানৰ বাসিন্দা।

দুৰ্ঘটনাটোৰ পিছত আহতসকলক চাবলৈ ৰাজস্থানৰ স্বাস্থ্যমন্ত্ৰী গজেন্দ্ৰ সিং খিমছাৰে চিকিৎসালয়লৈ যায়।