NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ, লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট

October 22, 2018 12:44 pm · মানস প্ৰতিম গগৈ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত খামান পথাৰ গাঁ‌ৱত দেওবাৰে নিশা বুধু নাগ নামৰ ব্যক্তিজনৰ ঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি বাসগৃহটো সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। ফলত লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে দেওবাৰে নিশা বুধু নাগৰ পৰিয়ালৰ সকলো সদস্য নিশাৰ আহাৰ খাই শুই থকাৰ সময়তে বাসগৃহটোত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

অৱশ্যে সৌভাগ্যক্ৰমে পৰিয়ালৰ লোকে জুই লগাৰ উমান পাই ততালিকে ঘৰৰ পৰা বাহিৰ ওলবালৈ সক্ষম হয়। আৰু স্থানীয় ৰাইজৰ সহায়ত কিছু সামগ্ৰী বাহিৰলৈ উলিয়াবলৈ সক্ষম হয় যদিও জুইয়ে বাসগৃহটো অতি কম সময়ৰ ভিতৰতে আগুৰি ধৰাত বাকী সা-সামগ্ৰী উলিয়াবলৈ সক্ষম নহ’ল।

আৰু চকুৰ সন্মুখতে বাসৃগহটো অগ্নিকাণ্ডত ভস্মীভূত হৈ পৰে। অৱশ্যে নিশাৰ ভাগত বাসৃগহটোত কি দৰে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল সেয়া বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই।

Related News