NORTHEAST NOW (Assamese)

আৰণ্যকৰ সদস্যৰ তৎপৰতাত বোকাখাতৰ লতাবাৰীত আহত ধনেশ চৰাই উদ্ধাৰ

January 7, 2020 12:31 pm · উত্তম শইকীয়া
ফটো : নৰ্থ-ইষ্ট নাও

বন্যপ্ৰাণীৰ গতিবিধি সম্পৰ্কীয় প্ৰকৃতি সংগঠন আৰণ্যকৰ এক প্ৰকল্পত কৰ্মৰত অনিমেষ হাজৰিকা আৰু অংকুৰ নাহক নামৰ যুৱক দুজনে সোমবাৰে এটা আহত ধনেশ চৰাই উদ্ধাৰ কৰে।

বোকাখাতৰ লতাবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষতে মাটিত পৰি থকা অৱস্থাত মতা পাটি ধনেশটো প্ৰত্যক্ষ কৰি যুৱক দুজনে কাষ চাপি যায়।

মাটিত পৰি থকা চৰাইটো উঠিব নোৱাৰাৰ বাবে যুৱকদ্বয়ে উদ্ধাৰ কৰি কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ লৈ যায়।

শৰীৰৰ কোনো স্থানত আঘাতৰ চিন নাপালেও মতা ধনেশটোৰ স্নায়বিক অসুস্থতা পোৱা বুলি কেন্দ্ৰৰ পশু চিকিৎসক ডাঃ চামচুল আলিয়ে জনাইছে।

খাদ্যত বিষক্ৰিয়া বা স্নায়ুত পোৱা আঘাতৰ বাবেই ধনেশ চৰাইটো মাটিত পৰা বুলি পশু চিকিৎসকে জানিবলৈ দিয়ে।

সম্প্ৰতি পানবাৰীৰ কেন্দ্ৰতোতে চিকিৎসাধীন হৈ আছে ধনেশ চৰাইটো।

Related News