NORTHEAST NOW (Assamese)
Popular Stories

CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাক লৈ ডাঙৰ সিদ্ধান্ত, বছৰত দুবাৰকৈ হ’ব পৰীক্ষা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 25, 2025 8:31 pm

দশম শ্ৰেণীৰ পৰীক্ষাক লৈ CBSEৰ বৃহৎ সিদ্ধান্ত।

বছৰটোত দুবাৰকৈ অনুষ্ঠিত হব CBSEৰ দশমমান শ্ৰেণীৰ পৰীক্ষা।

২০২৬ বৰ্ষৰ পৰা কাৰ্যকৰী হব পৰীক্ষাৰ নতুন নিয়ম।

সকলো ছাত্ৰ-ছাত্ৰীয়ে বাধ্যতামূলকভাৱে অৱতীৰ্ণ হব লাগিব প্ৰথমটো পৰীক্ষাত।

কিন্তু দ্বিতীয় পৰীক্ষাটো ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক নহয়।

প্ৰথম পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হব এপ্ৰিল আৰু দ্বিতীয় পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হব জুন মাহত।

কিন্তু আভ্যন্তৰীণ মূল্যায়ন হব এবাৰেই। এই কথা ইতিমধ্যে CBSEৰ পৰীক্ষা নিয়ন্ত্ৰক সন্ন্যাম ভৰদ্বাজে সদৰী কৰিছে।