NORTHEAST NOW (Assamese)
অসম

মোদী, সোণোৱাল, ৰামদেৱক ‘বৰলা’ আখ্যাৰে অপমানৰ অভিযোগত ৰিপুন বৰাৰ বিৰুদ্ধে বশিষ্ঠ থানাত এজনৰ এজাহাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 25, 2018 5:36 pm
RipunBora

২৪ নৱেম্বৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই পঞ্চায়ত নিৰ্বাচনৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰধান মন্ত্ৰী মোদী আৰু ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ অপমানসূচক মন্তব্য কৰা বুলি অভিযোগ আনি আজি এজন লোকে গুৱাহাটীৰ বশিষ্ঠ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। এজাহাৰ দাখিল কৰা লোকজনৰ নাম বিশ্বজিৎ নাথ।

FIR_RipunBora
এজাহাৰখনৰ একাংশ।

অভিযোগ অনা লোকজনে এজাহাৰখনত কয় যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি শ্ৰীযুত ৰিপুণ বৰা ডাঙৰীয়াই অসমৰ মাননীয় মুখ্য মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল, ভাৰতৰ প্ৰধান মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী আৰু পতঞ্জলী যোগপীঠৰ পূজনীয় যোগগুৰু বাবা ৰামদেৱৰ বিষয়ে অতি অপমানজনক মন্তব্য কৰে।

“তেওঁ কয় যে মুখ্য মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই পঞ্চায়ত নিৰ্বাচনত দুটাতকৈ অধিক সন্তান থকা ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা কৰাত বাধা দিয়া আইনখন প্ৰণয়ন কৰিছে। কাৰণ তেওঁ ‘বৰলা’  মানুহ বাবে ল’ৰা-ছোৱলীৰ প্ৰতি মৰম নুবুজে। তেওঁ আৰু কয় যে এই আইনখন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমৰ্থন কৰিছে। কাৰণ তেখেতেও বিয়া পাতি পত্নীক বিসৰ্জন দিছে।” এজাহাৰ খনত এইদৰে লিখা হয়।

ইয়াৰ লগতে ৰামাদেৱকো তুচ্ছ-তাচ্ছিল্য কৰা বুলি এজাহাৰখনত অভিযোগ অনা হৈছে।

মন কৰিব লগীয়া কথা যে এজাহাৰ দিওঁতাই ৰিপুণ বৰাৰ মন্তব্যক সমাজত সংঘৰ্ষ লগোৱাৰ ষড়যন্ত্ৰ বুলিও কৈছে। দেশৰ ১০০ কোটি হিন্দু লোকৰ ধৰ্মীয় লোকৰ ভাবনাত আঘাত কৰা বুলিও অভিযোগ কৰি বৰাৰ বিৰুদ্ধে আইনসংগত ব্যৱস্থা ল’বলৈ বশিষ্ঠ আৰক্ষীক অনুৰোধ জনাইছে।

জানিব পৰামতে, এজাহাৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২৪/২৯৪/১৫৩(A) -অৰ অধীনত ১৫৭৯/১৮ নম্বৰৰ গোচৰ ৰুজু কৰিছে।