NORTHEAST NOW (Assamese)
অসম

চলন্ত বিমান জৰুৰীকালীন অৱতৰণ কৰাবলৈ বাধ্য কৰোৱা অসমৰ যুৱক আৰক্ষীৰ জিম্মাত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 24, 2019 2:21 pm
Assam Boy indigo

মাতৃৰ বিয়োগৰ বাবে ততাতৈয়াকৈ ঘৰলৈ আহিব লাগে বাবে আকাশী পথেৰে হায়দৰাবাদৰ পৰা গুৱাহাটীলৈ ইণ্ডিগ’ এয়াৰলাইনছৰ এখন বিমানেৰে অসমৰ যমুনামুখৰ ইৰছাদ আলী নামৰ এগৰাকী যুৱকে যাত্ৰা কৰি দেওবাৰে আৰক্ষীৰ হাতত বন্দী হ’বলগীয়া পৰিস্থিতি হয়।

বিমানখনে যাত্ৰা আৰম্ভ কৰাৰ পাছত যুৱকজনে উৰন্ত বিমানখনৰ ভিতৰত আচৰিত ধৰণৰ আচৰণ কৰিবলৈ আৰম্ভ কৰে আৰু বিমানখনৰ দুৱাৰ পৰ্যন্ত খুলিবলৈ চেষ্টা কৰে।

যুৱকজনৰৰ অপ্ৰকৃতিস্থ আচৰণত অতিষ্ঠ হৈ বিমানখনৰ সকলো যাত্ৰীয়ে বিমানত থকা বিষয়া-কৰ্মচাৰীকলক অভিযোগ কৰে আৰু উপায়ন্তৰ হৈ বিমান চালকে ওড়িশাৰ বিজু পাটনায়ক আন্তৰ্জাতিক বিমানবন্দৰত জৰুৰীকালীনভাৱে বিমানখন অৱতৰণ কৰে আৰু ইৰছাদ আলীক বিমান বন্দৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত আৰক্ষীৰ হাতত গটাই দিয়ে।

উল্লেখযোগ্য যে, ইৰছাদে পুনেৰ এখন আইচক্ৰীমৰ দোকানত পাঁচবছৰ ধৰি কাম কৰি আছিল। মাতৃৰ বিয়োগৰ বাতৰি পাই ইৰছাদে বন্ধু কৰিমৰ সৈতে হাইদৰবাদৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিছিল।