NORTHEAST NOW (Assamese)
অসম

ফলঙনিত হাতীৰ আক্রমণত গুৰুতৰভাৱে আহত যুৱক; সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

Posted by: ঋতুপল্লব শইকীয়া December 27, 2018 7:04 am
WildElephant

গোলাঘাট জিলাৰ বগীজান আৰক্ষী থানাৰ অন্তৰ্গত মুৰফুলনিৰ সমীপৰ ১ নং ফলঙনিত বনৰীয়া হাতীৰ আক্ৰমণত পৰাগ শইকীয়া (৩৫)নামৰ এজন বিবাহিত যুৱক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হোৱাৰ কথা জানিব পৰা গৈছে।

প্রাপ্ত তথ্য অনুসৰি নিশা বিজুলী বনাঞ্চলৰ পৰা ওলাই অহা এটা ২৫/৩০জনীয়া বনৰীয়া হাতীৰ জাকে ক্ৰমে মুৰফুলনি, ফুলবাৰী, গেৰুকানী অঞ্চলত উপদ্রৱ চলাই ১নং ফলঙনি অঞ্চলত প্রৱেশ কৰি যুৱকজনৰ কুঁহিয়াৰ খেতি লণ্ড-ভণ্ড কৰে।

এনে পৰিস্থিতিত যুৱকজনে জুই জ্বলাই হাতীৰ জাকটো খেদিবলৈ চেষ্টা কৰোতেই জাকটোৰ এটা হাতীয়ে শইকীয়াক আক্ৰমণ কৰে।ফলত তেওঁ গুপ্তাংগ আৰু কঁকালত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

উক্ত ঘটনাৰ পাছতে যুৱকজনক প্ৰথমে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত আৰু পাছত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় যদিও তেওঁৰ অৱস্থা গুৰুতৰ হোৱাত বর্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ললৈ প্রেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে মুৰফুলনি অঞ্চলত হাতী-মানুহৰ দৈনিক সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰাৰ পৰিণতিত জাকত থকা কেইবাটাও হাতী আঘাতপ্রাপ্ত হৈছে আৰু ইয়াৰ লগে লগে বনৰীয়া হাতীৰ জাকবোৰ ক্ৰমাৎ অধিক আক্ৰমণাত্মক হৈ পৰা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।