NORTHEAST NOW (Assamese)

জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ অনুৰোধ! তদন্ত বিচাৰি গণ স্বাক্ষৰিত আর্জি দাখিল

October 18, 2025 4:12 pm · এন ই নাও নিউজ, গুৱাহাটী

কাইলৈ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে এমাহ অতিক্ৰম কৰিব। কিন্তু অসমৰ ৰাইজ এতিয়াও সহজ হ’ব পৰা নাই। জুবিন গাৰ্গৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যুক লৈ ৰাজ্যৰ আকাশ এতিয়াও গোমা। ৰাজ্যৰ প্রান্তে তীব্ৰতৰ হৈছে জুবিনৰ ন্যায়ৰ দাবী। আনহাতে এছ আই টিয়ে এই বিষয়ত তদন্ত চলাই আছে। তথাপি জুবিন গাৰ্গৰ মৃত্যুৰ বহু বিষয় অস্পষ্ট।

এনে এক সময়ত মাননীয় উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি এক আর্জি দাখিল কৰা হৈছে। গণ স্বাক্ষৰ সম্বলিত আবেদন যোগে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জেহেৰুল ইছলাম আৰু ঋত্বিক শইকীয়া।

অসমৰ শিৱসাগৰ, সৃজনগ্রাম, দক্ষিণ কামৰূপ আৰু জালুকবাৰীৰ ৰাইজৰ সৈতে আলোচনা মর্মে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ এক সিদ্ধান্ত শেহতীয়াকৈ গ্ৰহণ কৰা হয়। আৰু ৰাইজৰ স্বাক্ষৰযোগে এক সহমত লৈ এই আর্জি  দাখিল কৰা হয়।

এক নিৰপেক্ষ আৰু উচিত পৰ্যায়ৰ তদন্তৰ জড়িয়তে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ অনুৰোধ কৰা হৈছে ন্যায়ালয়ক। সংবিধানপদত্ত ক্ষমতা অনুসৰি উচ্চতম ন্যায়ালয়ৰ চ্যু মট’ কগনিজেনঝৰ অধীনত এটা নিজাববীয়া গোচৰ আৰু এক তদন্ত বিচাৰিছে ৰাইজে।

ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ লৈ ন্যায়ালয়ৰ তত্ত্বাৱধানত এক তদন্ত জুবিন গাৰ্গৰ বিষয়টোত কৰাৰ অনুৰোধ ৰাইজৰ। বিশেষকৈ বৰ্তমানৰ তদন্তৰ সীমাবদ্ধতা, গোচৰত গ্ৰেপ্তাৰ হোৱা ব্যক্তিৰ প্ৰভাৱশালী ব্যক্তিৰ সৈতে ঘনিষ্ঠতা, ঘটনাৰ স্থান বিদেশী ৰাষ্ট্ৰ হোৱা আৰু চৰকাৰৰ অধীনত হোৱা অনুষ্ঠানৰ সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়সমূহৰ বাবে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচৰা হৈছে।

Related News