NORTHEAST NOW (Assamese)
অসম

গোলাঘাটৰ কলেজ তিনিআলিত ভয়ংকৰ অগ্নিকাণ্ড; তিনিখন দোকান, দুখন স্কুটি ভস্মীভূত

Posted by: ঋতুপল্লব শইকীয়া Updated by: ঋতুপল্লব শইকীয়া June 21, 2019 7:53 am
blast-750x430

গোলাঘাট নগৰৰ কলেজ তিনিআলিত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ মান বজাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি অঞ্চলটোত থকা এখন হোটেলৰ ছিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলতে উক্ত ঘটনাটো সংঘটিত হয়।

প্ৰাঞ্জল বৰা নামৰ এজন ব্যৱসায়ীৰ বাঁহৰ হোটেলখনত হোৱা উক্ত বিস্ফোৰণৰ লগে লগে মুহূৰ্ততে জুইয়ে আগুৰি ধৰে আৰু লগতে থকা এখন জেৰক্সৰ দোকান আৰু এখন পান দোকান উক্ত জুইত জাহ যায়।

আনহাতে দোকানকেইখনৰ সন্মুখতে ৰাখি থোৱা দুখন স্কুটিও (এ এছ ০৫এল-২৮৪২, এ এছ ০৫জে-৩৭৫২) জুইৰ কৱলত পৰি ভষ্মীভূত হয়। ঘটনাৰ ফলত প্ৰায় ছয় লাখৰো অধিক টকাৰ সা সম্পত্তি ধ্বংস হোৱা বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন বাহনে আহি জুই নিৰ্বাপন কৰাত পৰিস্থিতি অধিক অৱনতি ঘটাৰ পৰা ৰক্ষা পৰে।