NORTHEAST NOW (Assamese)
অসম

বাক্সাত সেনাৰ ৰেডহৰ্ন ডিভিজনৰ দ্বাৰা চিকিৎসা শিবিৰৰ আয়োজন

Posted by: এন ই নাও নিউজ September 17, 2018 9:41 pm
Baksa-camp-570x320

ভাৰতীয় সেনাৰ ৰেডহৰ্ন ডিভিজনে ১৬ ছেপ্টেম্বৰত বাক্সা জিলাৰ সাউদৰভিটাত এটা চিকিৎসা শিবিৰৰ আয়োজন কৰে। এই চিকিৎসা শিবিৰৰ পৰা প্ৰায় ২৪০০ লোক উপকৃত হয়।

‘অপাৰেশ্যন সদ্ভাৱনা’ৰ অধীনত এই চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে।

গুৱাহাটীস্থ প্ৰতিৰক্ষা জন সম্পৰ্কৰক্ষী বিষয়া লে: কৰ্নেল পি খংছায়ে এইদৰে কয়, ‘‘সাউদৰভিটা আৰু ইয়াৰ দাঁতিকাষৰীয়া গাঁৱসমূহৰ চিকিৎসা সেৱাৰ প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি এই চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে।’’

স্বাস্থ্য সমস্যা সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰাৰ উপৰিও এই চিকিৎসা শিবিৰটোত সেনা আৰু অসামৰিক প্ৰশাসনৰ চিকিৎসক আৰু চিকিৎসা প্ৰতিনিধিয়ে ৰোগীসকললৈ চিকিৎসা সেৱা আগবঢ়াইছিল।

চিকিৎসা-সম্পৰ্কীয় পৰীক্ষা নিৰীক্ষা আৰু পৰামৰ্শৰ উপৰিও ৰোগীসকলৰ মাজত বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হৈছিল।

প্ৰতিৰক্ষা জন সম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে কৈছে যে সেনা চিকিৎসকলে জনসাধাৰণক ছালৰ সোঁচৰা আৰু ৰোগ ৰোগ আৰু ইয়াৰ নিৰাময় সম্পৰ্কে সচেতন কৰি তোলাৰ প্ৰয়াস কৰিছে। ‘এই চিকিৎসা শিবিৰটোত ‘প্ৰাক্তন যোদ্ধা কোষ’ (War Veteran Cell) আৰু ‘অভিযোগ কোষ’ (Grievances Cell) স্থাপন কৰি চিকিৎসা শিবিৰটোক এই এলেকাৰ প্ৰাক্তন সেনাসকলৰ সৈতে মত বিনিময়ৰ মঞ্চ হিচাপেও ব্যৱহাৰ কৰা হৈছে।