NORTHEAST NOW (Assamese)
দেশ

একাউণ্টত নূন্যতম ৫০ হাজাৰ টকা ৰাখিবই লাগিব! আইচিআইচিআই বেংকৰ নতুন নিয়ম

Posted by: নৰ্থ-ইষ্ট নাও Updated by: নৰ্থ-ইষ্ট নাও August 10, 2025 5:30 pm

গ্ৰাহকৰ বাবে এটা ডাঙৰ আঘাত। এইবাৰ আইচিআইচিআই বেংকে একে সময়তে চেভিংছ একাউণ্টত নূন্যতম বেলেঞ্চ বৃদ্ধি কৰিছে। দেশৰ দ্বিতীয় বৃহত্তম বেংকটোৱে মাহিলী নূন্যতম বেলেঞ্চ ১০ হাজাৰৰ পৰা ৫০ হাজাৰ টকালৈ বৃদ্ধি কৰিছে।

এই নতুন নিয়ম ১ আগষ্টৰ পৰা কাৰ্যকৰী হৈছে। মাহৰ শেষত এই নূন্যতম বেলেঞ্চ বজাই ৰাখিব নোৱাৰিলে গ্ৰাহকে যথেষ্ট জৰিমনা ভৰিব লাগিব।

আইচিআইচিআই বেংকে জনাইছে যে ১ আগষ্ট বা তাৰ পিছত একাউণ্ট খোলা নতুন গ্ৰাহকে নূন্যতম বেলেঞ্চ ৫০ হাজাৰ টকা ৰাখিব লাগিব। পূৰ্বে এই নূন্যতম বেলেঞ্চ আছিল ১০ হাজাৰ টকা। এই নিয়ম মেট্ৰ চহৰ আৰু উপকণ্ঠ অঞ্চলত কাৰ্যকৰী কৰা হৈছে। ইয়াৰ উপৰিও অৰ্ধনগৰীয়া অঞ্চলৰ শাখাসমূহে নূন্যতম বেলেঞ্চ ২৫ হাজাৰ টকা ৰাখিব লাগিব। পূৰ্বে এই পৰিসংখ্যা আছিল ৫ হাজাৰ টকা। গ্ৰাম্য শাখাৰ ক্ষেত্ৰত এই নূন্যতম বেলেঞ্চ আছিল ২৫০০ টকা। অৱশ্যে বৃদ্ধ গ্ৰাহকৰ বাবে দুয়োটা ক্ষেত্ৰতে মাহিলী গড় নূন্যতম বেলেঞ্চ হব ৫ হাজাৰ টকা।

বেংকে জনাইছে যে যদি কোনো গ্ৰাহকে নূন্যতম বেলেঞ্চ বজাই ৰাখিব নোৱাৰে তেন্তে ৬ শতাংশ বা ৫০০ টকা জৰিমনা ভৰিব লাগিব।মন কৰিবলগীয়া যে বেংকৰ চেভিংছ একাউণ্টত নূন্যতম বেলেঞ্চ নাথাকিলে জৰিমনা ভৰিব লাগিব। বেংকৰ লোকচান হ্ৰাস কৰিবলৈ কেন্দ্ৰটোৱে কেইবাবছৰ পূৰ্বে এই নিয়ম প্ৰৱৰ্তন কৰিছিল। কিন্তু ২০২০ চনত ভাৰতীয় ষ্টেট বেংকে এই নিয়ম প্ৰত্যাহাৰ কৰে। বাকী থকা বেংকসমূহৰ নূন্যতম বেলেঞ্চ ২ৰ পৰা ১০ হাজাৰ টকাৰ ভিতৰত। দেশৰ আন বেংকসমূহে নূন্যতম বেলেঞ্চ হ্ৰাস কৰাৰ বিপৰীতে আইচিআইচিআই বেংকে সম্পূৰ্ণ বিপৰীত পথেৰে আগবাঢ়িছে।