NORTHEAST NOW (Assamese)
অসম

হিমন্তক অধ্যক্ষ হিচাপে লৈ মন্ত্ৰী পৰ্য্যায়ৰ কমিটী গঠন; নিৰ্বাচনৰ আগত জনজাতিকৰণক লৈ বিজেপিৰ ‘নাটক’

January 14, 2019 1:26 pm
BJP will pass Citizenship Bill, if gets majority in Rajya Sabha: Himanta Biswa Sarma

 

বিগত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেন্দ্ৰত বিজেপি চৰকাৰ শাসনলৈ আহিলে ছমাহৰ ভিতৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ’ব বুলি কোৱা কেন্দ্ৰৰ বিজেপি চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এতিয়াহে খৰখেদা কৰা দেখা গৈছে। আজি কেন্দ্ৰীয় চৰকাৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালিজাৰি চাবলৈ অসম চৰকাৰৰ ৫জন মন্ত্ৰীক লৈ এখন মন্ত্ৰী পৰ্যায়ৰ কমিটী গঠন কৰে।

কমিটীখনৰ অধ্যক্ষ হিচাপে বিত্ত, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দায়িত্ব দিয়া হৈছে। আনহাতে মন্ত্ৰী চন্দন ব্ৰহ্ম হ’ব কমিটীখনৰ আহ্বায়ক। কমিটীৰ আনকেইজন সদস্যসকল ক্ৰমে নৱ কুমাৰ দলে, পল্লৱ লোচন দাস আৰু তপন গগৈ।

উল্লেখযোগ্য যে এই জনগোষ্ঠীকেইটাৰ বৃহৎ সংখ্যক ভোটাৰ থকালৈ লক্ষ্য কৰি বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ ফলাফলত এই বিষয়টোৱে যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা দেখি যোৱা কেইদিনত জনজাতিকৰণৰ বাবে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছে।

আনকি ৯ জানুৱাৰিত ৰাজ্যসভাৰ মজিয়াত ইয়াৰ বাবে বিধেয়ক আনি গৃহীত কৰা বুলি কোৱা হৈছিল। কিন্তু ৰহস্যৰ কথাটো হ’ল বিধেয়ক গৃহীত কৰাৰ পিছতো ইয়াৰ বাবে উচ্চ স্তৰীয় কমিটী গঠন কৰাটো।

মন কৰিব লগীয়া যে বিধেয়ক উত্থাপন কৰিও ১২ জানুৱাৰিত দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে অসমৰ মুখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু বি পি এফৰ শীৰ্ষ নেতা হাগ্ৰামা আৰু সাংসদ বিশ্বজিত দৈমাৰী, বিপিএফৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ বৈঠকত এইটো সিদ্ধান্ত কৰা হৈছিল যে অসমৰ একাংশ মন্ত্ৰীক লৈ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালিজাৰি চাবলৈ এখন উচ্চ স্তৰীয় কমিটী গঠন কৰা হ’ব। এই সিদ্ধান্তৰ ভিত্তিতে আজি কমিটীখন গঠন কৰা হয়।

যোৱা প্ৰায় ৫ বছৰে কৰিব পৰা যিখিনি কাম কেন্দ্ৰীয় চৰকাৰে নকৰিলে এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তাকে কৰিবলৈ খৰখেদাৰ নামত কমিটী গঠন কৰিবলৈ ওলোৱাটোক আস্থাত ল’ব পৰা নাই জনগোষ্ঠীকেইটাৰ প্ৰতিনিধিসকলে।