NORTHEAST NOW (Assamese)
অসম

হাউলীৰ জয়পুৰত ‘হেপ্পী ভেলী’ নামৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় মুকলি

Posted by: আনিছুজ জামান January 24, 2019 12:11 pm
School opening program

সংখ্যালঘু অধ্যুষিত অঞ্চল সমূহত গুনগত শিক্ষাৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে স্থানীয় একাংশ শিক্ষাব্ৰতী লোকৰ প্ৰচেষ্টাত বৰপেটা জিলাৰ হাউলীৰ সমীপৰ হালাপাকুৰী-জয়পুৰ বজাৰত ‘হেপ্পী ভেলী’ নামৰ এখন  ইংৰাজী মাধ্যমৰ বিদ্যালয় মুকলি কৰা হয়।

আজি হেপ্পী ভেলী একাডেমি নামৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে হাউলীৰ হজৰত ওমৰ (ৰাঃ)মডেল একাডেমিৰ অধ্যক্ষ আব্দুল আজিজে। ইয়াৰ পাছতে হেপ্পী ভেলী একাডেমিৰ পৰিচালন সঞ্চালক দেৱান ফজলুৰ ৰহমানৰ সভাপতিত্বত এখন উদ্বোধনী সভাও অনুষ্ঠিত হয় ।

সভাত যোৰহাট কৃষি বিশ্ব বিদ্যালয়ৰ অধ্যাপক গোবিন্দ মৰল, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি ইব্ৰাহীম আলী, হোমাৰ অধ্যক্ষ আব্দুল আজিজ, বৰপেটা ইকৰা একাডেমিৰ অধ্যক্ষ আব্দুৰ ৰহিম, হাউলী জিলা পৰিষদৰ সদস্যা ৰচনা দাস বড়োকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি গুণগত শিক্ষাৰ ওপৰত বক্তব্য আগবঢ়ায়।

ব্যক্তিগত খণ্ডত গঢ় লৈ উঠা এনে বিদ্যালয়সমূহে ৰাজ্যৰ ভিতৰুৱা গাঁও অঞ্চলসমূহতো উপযুক্ত শিক্ষা আৰু প্ৰতিযোগিতামূলক এক শিক্ষাৰ পৰিবেশ গঢ় দিবলৈ সক্ষম হ’ব বুলি বক্তাসকলে মন্তব্য কৰে।

আনহাতে বিদ্যালয়খনে ইংৰাজী মাধ্যমত শিক্ষা প্ৰদান কৰিলেও প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে যাতে অসমীয়া ভাষা পঢ়িব আৰু লিখিব পাৰে তাৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰিবলৈ অতিথিসকলে বিদ্যালয় কৰ্তৃপক্ষৰ প্ৰতি আহ্বান জনায় ৷

উক্ত ইংৰাজী মাধ্যমৰ বিদ্যালয়খনত অসমীয়া ভাষা শিকোৱাৰ ক্ষেত্রত বিশেষ উদ্যোগ গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে বিদ্যালয়খনৰ সঞ্চালক দেৱান ফজলুৰ ৰহমানে।