NORTHEAST NOW (Assamese)
অসম

কলা-শিল্প প্ৰদৰ্শনী আৰু পৰম্পৰাগত খাদ্যমেলা, লোকসংগীত-নৃত্যৰে ১৮ ফেব্ৰুৱাৰিৰ পৰা শিল্পগ্ৰাম মহোৎসৱ ২০২১

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 15, 2021 3:34 pm
Shilpgram Photo

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় অধীনৰ উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, ডিমাপুৰৰ উদ্যোগত শিল্পগ্রাম মহোৎসৱ-২০২১ অহা ১৮ পৰা ২১ ফেব্ৰুৱাৰীৰ লৈ চাৰিদিনীয়াকৈ গুৱাহাটীৰ পাঞ্জাবাৰী স্থিত শিল্পগ্রাম চৌহদত অনুষ্ঠিত হ’ব।

বাৰেৰহনীয়া কলা-শিল্প, প্ৰদৰ্শনী আৰু পৰম্পৰাগত খাদ্যমেলা, লোকসংগীত-নৃত্যৰ উৎসৱত উখল মাখল হ’ব শিল্পগ্ৰাম।

২০০৬ চনতে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূৱাঞ্চলৰ অগ্ৰণী সাংস্কৃতিক প্রকল্প চৌহদ শিল্পগ্ৰামৰ ১৫ সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে আয়োজিত উত্তৰ পূৱৰ আঠৰ ৰাজ্য- অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ বিভিন্ন জনগোষ্ঠীয় লোকশিল্পীৰ দল, অসমৰ বিশিষ্ট লোক সংগীত শিল্পীয়ে এই ‘মহোৎসৱত লোক সাংস্কৃতিক নৃত্য-গীত পৰিবেশন কৰিব।

উল্লেখ্য যে, মহোৎসৱৰ লগত সংগতি ৰাখি অসমৰ এটি জনগোষ্ঠীয় লোক নৃত্য প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছে।

অসমৰ বাৰেৰহণীয়া লোক আৰু জনগোষ্ঠীয় নৃত্য সমূহ নৱ প্ৰজন্মৰ মাজত প্রতিযোগিতামুলক ‘মনোভাৱেৰে পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে প্রতিযোগিতাৰ আয়োজন কৰা হৈছে।

ইফালে উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।