NORTHEAST NOW (Assamese)
অসম

অভিনেত্ৰী বৰষাৰাণীলৈ অসম নিৱাসী ধনাঢ্য উত্তৰ ভাৰতীয় ব্যৱসায়ীৰ অশালীন প্ৰস্তাৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 19, 2019 7:37 pm
Barasha rani_Final

অসম নিৱাসী এজন উত্তৰ ভাৰতীয় ব্যৱসায়ীয়ে এগৰাকী ফেশ্বন ডিজাইনাৰৰ জৰিয়তে অভিনেত্ৰী বৰষাৰাণী বিষয়াক অশালীন প্ৰস্তাৱ দিয়া বুলি ৰাজহুৱা কৰিছে স্বয়ং অভিনেত্ৰীগৰাকীয়ে।

ছ’চিয়েল মিডিয়া ফেইচবুকত প্ৰায় ৪ ঘণ্টাৰ আগত এটা পোষ্টৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে এই ঘটনাটোত নিজৰ খং প্ৰকাশ কৰি কৈছে, “ই সঁচাকৈয়ে মোক ক্ৰোধান্বিত কৰি তুলিছে”।

পোষ্টটোত দিয়া বিৱৰণ মতে, নিজকে ফেশ্বন কিউৰেটৰ বুলি কোৱা মহিলাগৰাকীয়ে যোৱা নিশা অভিনেত্ৰীগৰাকীলৈ ফোন কৰিছিল আৰু তেওঁ সেয়া মিছ কৰাত আজি ওলোটাই নিজেই ফোন কৰে।

“কিন্তু “চালাক” মহিলাগৰাকীয়ে মোক কয় যে তেওঁৰ হেণ্ডছেটটোৰ কিবা প্ৰব্লেম হৈ আছে, গতিকে তেওঁ হোৱাটছ এপত ফোন কৰিব। তেওঁ নিৰাপদ হ’ব খুজিছিল।”, বৰষাৰাণীয়ে লিখিছে।

প্ৰথমে আজিকালি এটা শ্ব’ৰ বাবে স্প’নছ’ৰ পোৱাটো যে কিমান কষ্টকৰ সেয়া কয় আৰু এনেকৈ হ’লে ফেশ্বন উদ্যোগ এৰিব লাগিব বুলিও আক্ষেপ কৰে। তাৰ পিছতে তেওঁ চতুৰতাৰে আচল কথালৈ আহে।

“তেওঁ মোক কয় যে অসম নিৱাসী এজন উত্তৰ ভাৰতীয় বদমাছ ধনাঢ্য ব্যৱসায়ীয়ে মোক খুব প্ৰশংসা কৰে আৰু মোক এটা বিদেশ ভ্ৰমণলৈ নিব খোজে”, নিজৰ ফেইচবুক পোষ্টটোত বৰষাৰাণীৰ বিৱৰণ।

মহিলাগৰাকীৰ এনেকুৱা অশালীন প্ৰস্তাৱ শুনি শৰীৰ কঁপি গৈছিল বুলি জানিবলৈ দি অভিনেত্ৰীগৰাকীয়ে ইংৰাজীতে দিয়া পোষ্টটোত লিখিছে, “মোৰ মূৰৰ পৰা ভৰিলৈকে সৰ্বাংগ খঙত কঁপি উঠিছিল। মোৰ যদি এটা বন্দুক থাকিল হেঁতেন, এতিয়াই তাইৰ কপালৰ মাজতে গুলীয়াই দিলো হেঁতেন। আৰু এই বদমাছটোৰ “জেগা”তে (private part) গুলীয়ালো হেঁতেন।”

অভিনেত্ৰীগৰাকীয়ে উত্তৰ ভাৰতীয় ব্যৱসায়ীজন এজন ইলেকট্ৰনিক সামগ্ৰীৰ ব্যৱসায়ী বুলি জানিবলৈ দিয়াৰ লগতে ফেশ্বন কিউৰেটৰগৰাকীয়ে আগতেও নিজৰ ব্যৱসায়ৰ স্বাৰ্থত ক্লায়েণ্টক ছোৱালী যোগান ধৰাৰ কথা শুনি আহিছে বুলি কয়।

তেওঁ পোষ্টটোত আক্ষেপেৰে নিজকে কৈছে, “মোক এনেকুৱা অশালীন প্ৰস্তাৱ দিবলৈ তাইক কিহে সাহস দিলে সেইটো ভাবিহে মোৰ শান্তি নোহোৱা হৈছে। বিনয়ী আৰু বন্ধুত্বসুলভ হোৱাটো কি ভুল?… অথবা বিধৱা হোৱাটোৱে এইটো বুজায় নেকি যে মই গত্যন্তৰহীন আৰু অৰ্থনৈতিকভাৱে নিঃশেষ হৈ গৈছো??”

তাৰ পিছত আকৌ লিখে, “মই আচৰিত হৈছো যে এগৰাকী মহিলাই আন এগৰাকী মহিলাৰ নৈতিকতাক বিক্ৰী কৰাৰ কথা ভাবিব পাৰে!! সঁচাকৈয়ে দুখজনক আৰু ঘৃণাজনক!!”

পোষ্টটোৰ শেষত ২০১৬ চনৰ জুলাইত মৃত্যু হোৱা নিজৰ স্বামী অবিনাশ শইকীয়াক সম্বুধি অভিনেত্ৰীগৰাকীয়ে লিখিছে, “বব, তুমি গুচি যোৱাৰ পিছত মই ইমান বেয়া সময়ৰ মাজেৰে যাব লগীয়া হৈছে।”

উল্লেখ কৰিব পাৰি যে অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰা ৰত্নাকৰ নামৰ এখন শেহতীয়া অসমীয়া ছবি দৰ্শকৰ বিপুল সঁহাৰিৰ মাজেৰে অসমৰ ছবিঘৰবোৰত চলি আছে।