NORTHEAST NOW (Assamese)

বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা- ‘কোনোবাই যদি ঈশ্বৰৰ সন্ধান পোৱা’

January 26, 2026 12:00 pm · হৰেকৃষ্ণ ডেকা

কোনোবাই যদি ঈশ্বৰৰ সন্ধান পোৱা

————————————–

হৰেকৃষ্ণ  ডেকা

——————-

তোমালোকৰ কোনোবাই যদি ঈশ্বৰৰ সন্ধান পোৱা

মোক জনাবাহি আৰু মই তেওঁৰ ওচৰলৈ গৈ ক’ম

তেওঁ ইমান বেলেগ বেলেগ নাম লোৱা উচিত নহয়

ইমান ভিন্ন ভিন্ন পন্থা

ভিন্ন ভিন্ন ধর্মমত

ভিন্ন ভিন্ন নিষেধাজ্ঞা

ইমান বেলেগ বেলেগ উছর্গা আৰু ত্যাগ ৷

তেওঁৰ নামত নির্মিত হওক বিভিন্ন স্থাপত্য

অংকিত হওক বিভিন্ন পুথিচিত্র

গোৱা হওক ভিন্ন ভিন্ন ভক্তিগীত

লিখা হওক ভিন্ন ভিন্ন কিতাপ

ৰচিত হওক ভিন্ন ভিন্ন নৃত্য ৷

কিন্তু বেলেগ, বেলেগ নামৰ পৱিত্রতা !

পৱিত্রতাৰ ইমান হিংস্রতা !

এদিন তেওঁৰ বেলেগ বেলেগ নামৰ পৰা

ইমান বেছি উষ্মা জমা হ’ব

বেলেগ বেলেগ পৱিত্রতা ৰক্ষাৰ বাবে

ইমান বেছি সংঘাত হ’ব যে

সকলোৱে মৰামৰি কটাকটি কৰি

বেলেগ বেলেগ বাটেৰে তেওঁৰ দুৱাৰলৈ যাব ৷

সিহঁতৰ আত্মাবোৰে দৌৰত ইজনে সিজনক চেৰ পেলাবলৈ

চেষ্টা কৰিলেও

সকলোৱে একে সময়তে তেওঁৰ ঘৰ ওলাবগৈ

আৰু দেখা পাব সেই ঘৰত তেওঁ নাই ৷

—-

Related News