NORTHEAST NOW (Assamese)
অসম

শৈলবালা মহাপাত্ৰৰ কবিতা- জুবিনলৈ —-

Posted by: শৈলবালা মহাপাত্ৰ Updated by: শৈলবালা মহাপাত্ৰ September 29, 2025 11:38 am

জুবিনলৈ —-

তুমি সুধিছিলা :

মই নথকাৰ অনুভৱ

যিদিনা হ’ব তোমাৰ

সিদিনা অশ্ৰু নিগৰিব নে অপাৰ—- !

চোৱাচোন এতিয়া

কেনেকে কান্দিছে পাহাৰ, পথাৰ, জংঘল

সিক্ত তোমাৰ প্ৰিয় অসমৰ মাটি

মানুহৰ চকুলোৰে !

কেনেকৈ বন্ধ হৈ যায় বতাহ

কেতিয়া কেনেকৈ

কোনেও নাজানে

গছৰ তলত

পানীত

বিছনাত

যিকোন ঠাইত স্থিৰ হৈ যায় বতাহ

আৰু পখী উৰি গৈ থাকে

ধীৰে ধীৰে —-

ডাৱৰৰ বুকু ভেদি

উভতি আহা তুমি

ৰূপালী জোনাক হৈ

বিয়পি পঢ়ক তোমাৰ গীত

জহাধানৰ পথাৰত

ব্ৰহ্মপুত্ৰৰ তীৰত

লুইতৰ পাৰত—- !

অশ্ৰু লোৱা

আশীষ লোৱা

য’ত থাকা

ভালে থাকা

জুবিন !

ভালে থাকা !!

কবি শৈলবালা মহাপাত্ৰৰ ফোন নং 7008586501