NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা- ত্ৰিৰংগ

Posted by: হৰেকৃষ্ণ ডেকা Updated by: হৰেকৃষ্ণ ডেকা August 15, 2023 7:11 am

 

ত্ৰিৰংগ

——-

হৰেকৃষ্ণ ডেকা

 

যদি গেৰুৱা ত্যাগৰ ৰং হয়,

তেন্তে ক্ষমতাৰ ইমান আক্ৰোহ কিয়?

যদি বগা বিশুদ্ধতাৰ ৰং হয়,

তেনেহলে দুৰ্নীতিৰ ইমান পঙ্কিলতা কিয়?

যদি সেউজীয়া প্ৰকৃতিৰ ৰং হয়,

তেন্তে পৰিবেশৰ এই বলাৎকাৰ কিয়?

ধৰ্মচক্ৰ,

তুমি স্তব্ধ হৈ ৰৈ থাকা-

যেন বিমূঢ়, চলনশক্তিহীন।

তুমি সঁচাকৈয়ে জানো অথৰ্ব? নে

বিভাজিত তোমাৰ ধৰ্ম?

হয়তো তুমি আলি-দোমোজাত ৰৈ আছা,

কোনোবা এজন কৃষ্ণৰ বাবে,

যি তোমাক তেওঁৰ আঙুলিৰে ডাঙি ল’ব

আৰু সুদৰ্শন-চক্ৰৰ দৰে ঘূৰাব।

কিন্তু কোন গকুলৰ পৰা তেওঁ

কোন মথুৰালৈ আহিব?

—-