NORTHEAST NOW (Assamese)
অসম

হৰেকৃষ্ণ ডেকাৰ কবিতা- অন্ধতা

Posted by: হৰেকৃষ্ণ ডেকা Updated by: হৰেকৃষ্ণ ডেকা May 30, 2022 11:45 am

অন্ধতা

তেওঁ হেনো ক’লে,

পোহৰ হওঁক আৰু পোহৰ হ’ল ৷

তেওঁ কোৱাৰ আগতে আমি ক’লোঁ,

ঈশ্বৰ হওঁক আৰু ঈশ্বৰ হ’ল৷

আৰু তাৰ আগতে মাধ্যাকৰ্ষণত

এটা জ্বলন্ত নক্ষত্ৰৰ পৰা সঠিক দূৰত্বত

গ্ৰহ এটা বান্ধ খোৱা কাৰণে আমি হৈছিলোঁ।

এক সুদীৰ্ঘ কালৰ ইতিহাস।

এতিয়া পোহৰৰ আন্ধাৰত আমি সকলোৱে

তেওঁক বিচাৰি আছোঁ,

অৰ্থাৎ সৃষ্টিৰ স্ৰষ্টাক।

আৰু বিচাৰি পোৱাৰ আগতেই,

আন্ধাৰৰ তামসিকতাত বহুৰূপী ছাঁবোৰৰ একোটাক

বেলেগ বেলেগ ঈশ্বৰ বুলি ভাবি

আমাতকৈ যিসকল বেছি ধৰ্মান্ধ হ’ল তেওঁলোকে

কটাকটি-মৰামৰি কৰিছে ৷

এখনেই জগত।

কিন্তু কাৰ ঈশ্বৰে কি স্ৰজিলে,

কাৰ ঈশ্বৰ শ্ৰেষ্ঠ,

মানুহৰ কি প্ৰতিযোগিতা!

আৰু কি প্ৰতিদ্বন্দিতা!

ধৰ্মৰ উন্মাদনা নে

ধ্বংসৰ উন্মত্ততা?