NORTHEAST NOW (Assamese)
Popular Stories

দয়ালু আৰক্ষী : কয়দীক দয়া কৰি চাকৰি গ’ল আৰক্ষী জোৱানৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 1, 2023 9:04 pm

এনকাউণ্টাৰেই হওক বা আন যিকোনো আজৱ কাণ্ডৰ বাবেই হওক, উত্তৰ প্ৰদেশ আৰক্ষীয়ে বাৰে বাৰে বিভিন্ন কাৰ্যকলাপৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।

কিন্তু এইবাৰ যোগীৰাজ্যৰ আৰক্ষীয়ে বাতৰিৰ শিৰোনাম দখল কৰিছে এক সম্পূৰ্ণ বেলেগ ঘটনাৰ বাবে ।

কিছুদিন আগতে এজন আৰক্ষীয জোৱানে এজন কয়দীক আদালতলৈ লৈ গৈ আছিল। কিন্তু হঠাৎ বন্দী কয়দীজনৰ মদৰ পিয়াহ লাগিল। কয়দীজনে জোৱানগৰাকীক অনুৰোধ কৰিলে মদ খোৱাৰ বাবে অকণমান সুবিধা কৰি দিয়াৰ বাবে। পিয়াহ পূৰণৰ বাবে কয়দীগৰাকীক পঘাৰে সৈতে সুৰাৰ বিপনীলৈ লৈ গ’ল কৰ্তব্যত থকা আৰক্ষী জোৱান গৰাকীয়ে।

 

এই দৃশ্য বন্দী হ’ল কোনো লোকৰ কেমেৰাত। ইয়াৰ পিছতেই ভাইৰেল হৈ পৰিল সুৰাৰ দোকানৰ সন্মুখত আৰক্ষী জোৱান গৰাকী আৰু কয়দীৰ থিয় হৈ থকাৰ ছবি।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হামিৰপুৰত। জানিব পৰা মতে, এই ঘটনা ২৮ এপ্ৰিলত সংঘটিত হৈছিল।

ঘটনাটো চৰ্চালৈ অহাৰ পিছত পুনৰ এবাৰ আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে। উত্তৰ প্ৰদেশৰ আইন-শৃংখলা বিভাগে ইতিমধ্যে এই ঘটনাৰ সত্যতা মানি লৈছে। হামিৰপুৰ আৰক্ষী অধীক্ষকে অভিযুক্ত আৰক্ষী জোৱানজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা বুলি দাবী কৰিছে৷