NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইত বোৱাৰী হত্যা : তিনি জন লোকক আটক আৰক্ষীৰ

Posted by: নীলমনি শর্মা October 13, 2018 10:40 am
622229-murder-case-110417-1-570x320-750x375

গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত তথা কৃষ্ণাই কাষৰীয়া মাজগাৱঁত শুকুৰবাৰে নিশা এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। গাঁৱখনৰ শৰ্মিলা বেগম নামৰ গৰ্ভৱতী মহিলা এগৰাকীক স্বামীৰ পৰিয়ালে যৌতুকৰ বাবে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে, ধন বিচাৰি দীৰ্ঘ দিন ধৰি বোৱাৰীগৰাকীক শাৰীৰিক তথা মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল স্বামী মিন্টু আলীৰ পৰিয়ালে।

আনহাতে, গৰ্ভৱতী বোৱাৰীগৰাকীক হত্যা কৰি নিশাই তেওঁলোকে চিকিসালয়লৈ লৈ গৈছিল ৷ মহিলাগৰাকীৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি মাক,পুতেক আৰু পিতৃয়ে মিলি শৰ্মিলা বেগমক হত্যা কৰিছে। মৃত শৰ্মিলাৰ পিতৃ পৰিয়ালৰ ঘৰ মোলানভুবীৰ পাখিৰীগুৰীত।

তেওঁলোকে জানিব দিয়া মতে মিন্টু আলীয়ে শহুৰেকৰ ঘৰৰ পৰা সঘনাই ধন দাবী কৰি আহিছিল আৰু মহিলাগৰীক নিৰ্যাতন চলাইছিল।

ইপিনে আৰক্ষীয়ে মৃত শৰ্মিলা বেগমৰ স্বামী মিন্টু আলী, নুৰেমা বেগম আৰু হাইজো আলীক আটক কৰে। আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।