NORTHEAST NOW (Assamese)

এজন চৰকাৰী অভিযন্তা আৰু বিভাগৰ অনুমতি নোলোৱাকৈ বিধায়কৰ বিৰুদ্ধে সংবাদমেল!

February 22, 2019 7:18 am · কল্পজ্যোতি শইকীয়া
বুধবাৰে সংবাদমেল সম্বোধন কৰাৰ মুহূৰ্তত ডিআৰডিএৰ কণিষ্ঠ অভিযন্তা সুশীল তামুলী। ফটো : নৰ্থইষ্ট নাও

এজন চৰকাৰী বিষয়া অথবা কৰ্মচাৰীয়ে ৰাজহুৱাকৈ কাৰোবাৰ বিৰুদ্ধে সংবাদমেল পতা অধিকাৰ নাই অথবা ই ‘অবৈধ’। তেনেক্ষেত্ৰত অসম চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত ‘জিলা গ্ৰাম্য উন্নয়ন অভিকৰণৰ’ কনিষ্ঠ অভিযন্তা সুশীল তামুলীয়ে যোৱা ২০ ফেব্ৰুৱাৰিৰ দিনা গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে।

তেওঁৰ সংবাদমেলৰ বিষয় ইমান সাধাৰণ নাছিল। তেওঁৰ অভিযোগ আছিল সকলোৰে দৃষ্টি নিবদ্ধ দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা আৰু সোণাপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি নাথৰ বিৰুদ্ধে।

তেওঁ কৰা অভিযোগ অনুসৰি বিধায়ক বৰাৰ নিৰ্দেশ মৰ্মে কোনো অভিযোগ নথকা সত্ত্বেও সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি নাথে দিচপুৰ সমষ্টিৰ বিধায়কগৰাকীৰ নিৰ্দেশ মৰ্মে থানালৈ তামুলীক মাতি নি হাৰাশাস্তি কৰাৰ লগতে জেইললৈ প্ৰেৰণ কৰাৰ ভাবুকি দি গোচৰ ৰুজু কৰিছিল। লগতে আৰক্ষী বিষয়াজনে ২০ লাখ টকা দাবী কৰিছিল বুলিও গুৰুতৰ অভিযোগ তুলিছিল কনিষ্ঠ অভিযন্তাজনে।

বিষয় যিয়েই নহওঁক, চৰকাৰী কোনো বিষয়া অথবা অভিযন্তাকে সংবাদমেল পাতিবৰ বাবে অনুমতি দিয়া হোৱা নাই বুলি নিজ মুখে স্বীকাৰ কৰে পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত সচিব জে বি এক্কাই।

‘‘পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা কোনোধৰণৰ অনুমতি কনিষ্ঠ অভিযন্তাজনে লোৱা নাই।‘’ এইদৰে বিভাগটোৰ আয়ুক্ত সচিবজনে কয়।

অৱশ্যে কোনো চৰকাৰী কাৰ্য্যসূচী ঘোষণা, অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিবৰ বাবে কোনো বিভাগৰ বিষয়াই সংবাদমেল অনুষ্ঠিত কৰিব পাৰে বুলি এক্কাই আমাক জানিবলৈ দিয়ে।

ইয়াৰ বিপৰীতে চাকৰিৰ পৰা অৱসৰ নোলোৱাকৈ তথা দিচপুৰ সমষ্টিৰ বিধায়ক আৰু সোণাপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰাৰ বাবে বিভাগৰ অনুমতি লোৱা বুলি দাবী অভিযন্তাজনৰ।

কনিষ্ঠ অভিযন্তাজনৰ দাবী ‘’মই বিভাগীয় ফালৰ পৰা (প্ৰপাৰ চেনেল)ত সংবাদমেল সম্বোধন কৰাৰ বাবে অনুমতি লোৱা আছে।‘’

তাৎপয্যপূৰ্ণভাৱে কোন বিষয়াৰ ওচৰত সংবাদমেল অনুষ্ঠিত কৰাৰ অনুমতি লৈছিল, সেই কথা ক’ব নিবিচাৰিলে কনিষ্ঠ অভিযন্তাজনে।

আনহাতে, উক্ত সংবাদমেলতে সংবাদমাধ্যমৰ পৰা ন্যায় নাপালে ৰাজহুৱাভাৱে আত্মহত্যা কৰাৰো হুংকাৰ দিয়ে কনিষ্ঠ অভিযন্তা সুশীল তামুলীয়ে।

প্ৰশ্ন হয়, এনেদৰে ৰাজহুৱাকৈ ‘বিতৰ্কিত বিষয়’ৰ ওপৰত সংবাদমেল সম্বোধন কৰা অভিযন্তাজনৰ বিৰুদ্ধে ব্যৱস্থা ল’ব নেকি সংশ্লিষ্ট কৰ্তৃপক্ষই? যদি ব্যৱস্থা গ্ৰহণ কৰে তেন্তে সঁচাকৈয়ে কনিষ্ঠ অভিযন্তা সুশীল তামুলী নিলম্বিত হ’ব? সেয়া সময়ত অৱশ্যে লক্ষণীয় হ’ব।

Related News