NORTHEAST NOW (Assamese)
অটো

ধন্য চখ! ৬০হাজাৰ টকাৰ স্কুটীৰ বাবে ল’লে ১৮ লাখ টকীয়া VIP নম্বৰ প্লেট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 29, 2020 10:23 am
tvs-scooty5e91553252394 new

বহুতৰে কিছুমান চখ থাকে। ইয়াৰে কিছুমান চখ ইমান ব্যয়বহুল যে সেই চখ পূৰণ কৰিবলৈ সংশ্লিষ্ট পক্ষই কোনো চিন্তা কৰিবলৈ ৰাজী নহয়।

হিমাচল প্ৰদেশৰ এটা কোম্পানীয়ে ৬০ হাজাৰ টকীয়া স্কুটীৰ বাবে ভিআইপি নম্বৰ ল’বলৈ ১৮ লাখ টকা খৰচ কৰে।

হিমাচল প্ৰদেশৰ কাংগ্ৰাৰ এটা ব্যক্তিগত কোম্পানী ৰাহুল পেইম প্ৰাইভেট লিমিটেডে কোম্পানীটোৰ নামত এখন স্কুটী পঞ্জীয়ন কৰে।

কোম্পানীটোৱে পৰিবহন বিভাগৰ পৰা স্কুটীখনৰ বাবে ভিআইপি নম্বৰ HP 90-0009 ল’বলৈ বিচাৰি আছিল।

কোম্পানীটোৱে এই ভিআইপি নম্বৰৰ বাবে হোৱা অনলাইন ডাকত অংশ লৈ আটাইতকৈ উচ্চ ডাক দি নম্বৰটো নিজৰ নামত কৰি লয়।

চলিত সপ্তাহলৈ অনলাইনত চলা ডাকত স্কুটীখনৰ ভিআইপি নম্বৰৰ বাবে কোম্পানীটোৱে ১৮ লাখ ২২হাজাৰ ৫০০ টকাৰ ডাক মাতে।

কোম্পানীটোৱে এতিয়া তিনিদিনৰ ভিতৰত এই ধন জমা দিয়াৰ পাছত এই ভিআইপি নম্বৰটো স্কুটীত লগোৱাৰ বাবে লাভ কৰিব।

উল্লেখ্য যে এই ভিআইপি নম্বৰটোৰ বাবে আন কিছু লোকে ১০ৰ পৰা ১৫ লাখলৈকে ডাক দিছিল।